Air Vistara : প্রশিক্ষণহীন চালকেৰে বিমান অৱতৰণ ! ভিস্তাৰাক ১০ লাখ টকা জৰিমনা

Air Vistara 1

নিৰাপত্তা বিধি লংঘনৰ অভিযোগত এয়াৰ ভিস্তাৰাক ১০ লাখ টকা জৰিমনা বিহিলে বিমান চলাচল নিয়ামক সংস্থাই (ডিজিসিএ) । সঠিক প্রশিক্ষণ গ্ৰহণ নকৰা চালকক মধ্যপ্রদেশৰ ইনদৌৰৰ বিমানবন্দৰ এখন বিমান অৱতৰণৰ বাবে এই জৰিমনা বিহিছে নিয়ামক সংস্থাটোৱে ।

বিমান সংস্থাৰ এজন বিষয়াই কয়, ‘‘ডিজিচিএ-য়ে জনাইছে, বিমান অৱতৰণৰ দায়িত্বত থকা ফাৰ্ষ্ট অফিচাৰৰ যথাযথ প্রশিক্ষণ নাছিল । তৎসত্ত্বেও তেওঁ যাত্রীসহ বিমানখনক ইনদৌৰ বিমানবন্দৰত অৱতৰণ কৰায় । কেনেকৈ বিমানসংস্থাটোৱে তেওঁক বিমানখন অৱতৰণৰ অনুমতি দিলে । যাত্রীসকলৰ জীৱনক লৈ খেলা কৰা হৈছে ।’’

ডিজিচিএ-ৰ অভিযোগ, যাত্রী নিৰাপত্তাক আপোচ কৰি এয়াৰ ভিস্তাৰাই বিমান সেৱাৰ নিয়ম ভংগ কৰিছে । সেয়ে ১০ লাখ টকা জৰিমনা বিহা হৈছে বিমান সংস্থাটোক ।

প্রসংগত, বিমানখনত ২০০ জন যাত্রী আছিল । ইয়াৰ উপৰি চাৰিগৰাকী বিমানসেৱিকা আছিল । নিয়ম অনুযায়ী বিমানৰ উৰন আৰম্ভ আৰু অৱতৰণৰ দায়িত্ব থাকে ফাৰ্ষ্ট অফিচাৰৰ কান্ধত ।

Exit mobile version