Does coffee lead to cancer : কফি খালে কৰ্কট ৰোগৰ সম্ভাৱনা বাঢ়ে, এই পানীয় মাৰণৰোগৰ কাৰক নেকি ?

coffee1

কফি খালেই শৰীৰত দেখা দিব বিভিন্ন সমস্যাই, বাহ বান্ধিব মাৰণব্যাধিয়েও — যিসকলে কফি পছন্দ কৰে তেওঁলোকে এনে কথা প্ৰায়েই শুনিবলগীয়া হয় । কফিক লৈ এনে বহু ধাৰণাই প্রচলিত, যাৰ ভিতৰত ৯০ শতাংশই ভুৱা । ক্লান্তি সাময়িকভাৱে বিলম্বিত কৰিবৰ বাবে কফিয়ে এটা উদ্দীপক হিচাপে কাম কৰে । ইয়াৰ প্রভাৱত কেতিয়াবা কেতিয়াবা অনিদ্রাৰ সমস্যা হ’ব পাৰে । কিন্তু কফি খালে আৰু বহু ৰোগে আশ্ৰয় ল’ব শৰীৰত, এনে ধাৰণাৰ সত্যতা শীঘ্ৰে পৰীক্ষা কৰা প্রয়োজনীয় ।

১) কফিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে

বিভিন্ন গৱেষণাত কোৱা হৈছে, কফিত থকা কেফিনে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি নকৰে । নৰৱে আৰু হাৱাইৰ বিপুল সংখ্যক লোকৰ ওপৰত বেচ কিছু দিন ধৰি চলা দুটা সমীক্ষাত পোৱা তথ্য বিশ্লেষণত দেখা গৈছে, নিয়মিত কফি বা চাহ খোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনাৰ মাজত কোনো সম্পর্ক নাই । বৰঞ্চ বহু গৱেষণাতেই দাবী কৰা হৈছে, কফি এণ্ড’মেটৰিয়েল কৰ্কট, লিভাৰ কৰ্কট আৰু অ’ৰেল কৰ্কটৰ দৰে মাৰণ ৰোগৰ শংকা কমোৱাত সহায় কৰে । অৱশ্যে এই ক্ষেত্রত গাখীৰ-চেনী অবিহনে ক’লা কফিৰ কথা কোৱা হৈছে ।

২) কফি হৃদ্‌ৰোগৰ কাৰণ হ’ব পাৰে

কফিয়ে কেতিয়াও কার্ডিঅ’ভাস্কুলাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি নকৰে । ইয়াক লৈ বিভিন্ন ধাৰণা প্রচলিত থাকিলেও জানি ৰখা প্ৰয়োজন যে, কফি পান কৰিলে শৰীৰত কলেষ্টেৰলৰ মাত্রা মুঠেই নাবাঢ়ে বা ই অনিয়মিত হৃদ্‌স্পন্দনৰ কাৰণো নহয় । অৱশ্যে যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে চিকিৎসকৰ পৰামর্শ অনুযায়ী নিয়মিত কফি খোৱাৰ সিদ্ধান্ত লোৱা উচিত ।

৩) কফি খালে গর্ভধাৰণত সমস্যা হয়

চিকিৎসকসকলে অন্তঃসত্ত্বা মহিলাক সীমিত পৰিমাণে কফি পান কৰাৰ পৰামর্শ দিয়ে । অৱশ্যে যিসকল মহিলাই গর্ভধাৰণৰ চেষ্টা কৰিছে, তেওঁলোকে কফি পান নকৰাই উচিত — এনে ধৰণৰ কোনো তথ্য কেতিয়াও পোৱা নাই । প্রজনন ক্ষমতা আৰু কেফিনৰ মাজত কোনো প্ৰত্যক্ষ সম্পর্ক নাই ।

Exit mobile version