Jammu and Kashmir : পুনৰ সংখ্যালঘুক হত্যা কাশ্মীৰত ! এইবাৰ সন্ত্ৰাসবাদীৰ গুলিৰ লক্ষ্য বেংক মেনেজাৰ

1654152177 kashmir

চৰকাৰী কৰ্মচাৰী, দোকানৰ কর্মচাৰী, স্কুলৰ শিক্ষয়িত্ৰীৰ পাছত এইবাৰ বেংক মেনেজাৰ । পুনৰ জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলিত মৃত্যু হ’ল এজন সংখ্যালঘু হিন্দুৰ । বৃহস্পতিবাৰে কুলগাম জিলাৰ এলাকুয়াত দেহাতি বেংকৰ ভিতৰত প্ৰৱেশ কৰি বিজয় কুমাৰ নামে বেংক মেনেজাৰজনক গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে ।

আৰক্ষী সূত্রে খবৰ, ঘটনাস্থলতেই তেওঁৰ মৃত্যু হয় । বেংক সূত্রে জানিব পৰা গৈছে যে বিজয় ৰাজস্থানৰ বাসিন্দা । ইয়াকে লৈ কাশ্মীৰত তিনি সপ্তাহত চাৰিজন সংখ্যালঘুক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে । মঙলবাৰে কুলগাম জিলাৰ গোপালপৰা অঞ্চলৰ এখন বিদ্যাল‌য় চৌহদত প্ৰৱেশ কৰি শিক্ষয়িত্ৰী ৰজনী বালাক হত্যা কৰা হয় ।

পূৰ্বে ১৩ মে’ত বদগামত জিলাৰ চৰকাৰী কর্মচাৰী ৰাহুল ভট্ট নিজ কাৰ্যালয়তে সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল । তেওঁলোক দুয়োজনেই কাশ্মীৰি পণ্ডিত আছিল । ১৮ মে’ত ৰজৌৰিত ৰঞ্জিত সিং নামে স্থানীয় এটা মদ দোকানৰ কর্মীকো হত্যা কৰা হৈছিল ।

কেন্দ্র আৰু জম্মু আৰু কাশ্মীৰ চৰকাৰে সুৰক্ষাৰ আশ্বাস দিছে । ফাৰুক আব্দুল্লাৰ দৰে প্রবীণ নেতাসকলে আবেদন জনাইছে, ১৯৯০-ৰ দশকৰ দৰে উপত্যকা ত্যাগ নকৰিবলৈ । কিন্তু বিগত কে’বা মাহ ধৰি সন্ত্ৰাসবাদীসকলে বাছি বাছি উপত্যকাত সংখ্যালঘুসকলক লক্ষ্য কৰিছে । এনে পৰিস্থিতিত হিন্দু পণ্ডিতসকলৰ একাংশ‌ই পুনৰ উপত্যকা ত্যাগ কৰিব লৈছে । ইয়াৰ মাজতে বিগত সপ্তাহত হিন্দু পণ্ডিতসকলক শীঘ্ৰে কাশ্মীৰ ত্যাগ কৰাৰ নির্দেশ দিছে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-ইছলামে ।

Exit mobile version