মাস্ক পৰিধান নকৰিলে বিমানৰ পৰা জোৰ কৰি নমাই দিয়ক যাত্রীক, নির্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

948976 aeroplane knowledge

বিমানবন্দৰ আৰু বিমানত থকাকালীন যাত্রীসকলে মাস্ক পৰিধান কৰা বাধ্যতামূলক । অন্যথা নিয়মভংগকাৰী যাত্রীয়ে মোটা অংকৰ জৰিমনা ভৰিব লাগিব । প্রয়োজনত এই যাত্রীক বিমানৰ পৰা নমাই দিয়াৰ দৰে কঠোৰ পদক্ষেপ লোৱাৰ নির্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ে । এটা জনস্বার্থ গোচৰত এই নির্দেশ দিছে উচ্চ ন্যায়ালয়ৰ ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ (এচিজে) বিপিন সাংঘিৰ নেতৃত্বাধীন বেঞ্চে ।

দেশজুৰি কৰ’নাৰ দৈনিক সংক্রমণ পুনৰ ঊর্ধ্বমুখী হোৱাত উদ্বেগ বাঢ়িছে । বিগত ২৪ ঘণ্টাত প্রায় চাৰি হেজাৰৰ ওচৰা-ওচৰি হৈছে । এনে পৰিস্থিতিত বিমানবন্দৰ আৰু বিমানত যাত্রীসকলে যাতে বাধ্যতামূলকভাৱে ক’ভিডবিধি মানি চলে, তাৰ বাবে বিমান চলাচল নিয়ামক সংস্থা বা ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েছন (ডিজিচিএ)-ক কঠোৰ পথ অৱলম্বন কৰাৰ পৰামর্শ দিছে দিল্লী উচ্চ ন্যায়ালয়ে ।

দেশীয় আকাশত বিমান পৰিবহণৰ নিয়ন্ত্রক সংস্থাক উদ্দেশ্যি উচ্চ ন্যায়ালয়ৰ নির্দেশ, ‘‘বিমানবন্দৰৰ লগতে বিমানতো যথাযথ ক’ভিডবিধি প্রয়োগ কৰিব লাগিব । প্রয়োজন হ’লে বিধিভংগকাৰীসকলক জোৰ কৰি বিমানৰ পৰা নমাই দিয়া উচিত ।’’ আনকি, ক’ভিডবিধি অমান্য কৰিলে যাত্রীৰ বিমানত যাতায়াত বন্ধ কৰিবলৈ নিময়ভংগকাৰীক ‘নো-ফ্লাই’ তালিকাত ৰখাৰ নির্দেশো দিছে আদালতে ।

ডিজিচিএ-য়ে জনাইছে, আদালতৰ নির্দেশ অনুযায়ী বিমানত থকাকালীন একমাত্র খোৱাৰ সময়ত মাস্ক খুলিব পাৰিব যাত্রীসকলে । যাত্রীসকলক উদ্দেশ্যি এচিজে-ৰ মন্তব্য, ‘‘কিছু খোৱা বা পানীয় গ্রহণৰ সময়ত আপুনি মাস্ক খুলিব পাৰে । অৱশ্যে অন্য সময়ৰ বাবে বিমানত মাস্ক পৰিধান কৰি থকাৰ নিয়ম আগৰ পৰাই আছে ।’’

আদালতৰ পর্যবেক্ষণ, বিমানবন্দৰত এতিয়াও ক’ভিডবিধি বলৱৎ আছে । ফলত যাত্রীসকলে সেয়া মানি চলিব‌ই লাগিব । ক’ভিডবিধিৰ কঠোৰ প্রয়োগৰ উদ্দেশ্যে বিমান সংস্থাৰ চালক, বিমানসেৱিকাসহ কর্মচাৰীসকলৰ বাবে নতুন নির্দেশনা জাৰি কৰাৰ কথাও কৈছে আদালতে ।

Exit mobile version