দেশৰ বিভিন্ন চহৰত হঠাৎ বৃদ্ধি পালে বিলাহীৰ মূল্য

GettyImages 171589415 b339b6ad9fda46438298578316458131

বজাৰত ধাৰাবাহিক মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক জুৰুলা কৰি অহাৰ সময়তে এইবাৰ মূল্যবৃদ্ধি ঘটিল বিলাহীৰ । চৰকাৰী পৰিসংখ্যা অনুসৰি দিল্লীৰ বাহিৰে দেশৰ অন্যান্য মহানগৰসমূহৰ বিলাহীৰ খুচুৰা মূল্য এমাহ পূৰ্বৰ তুলনাত বুধবাৰে ৭৭ টকা প্ৰতি কিলোত বৃদ্ধি পালে ।

উপভোক্তা মন্ত্ৰণালয়ৰ তথ্যত উল্লেখ কৰা মতে, কলকাতাত প্ৰতি কিলো বিলাহীৰ খুচুৰা মূল্য যোৱা ৩০ এপ্ৰিলত ২৫ টকা আছিল আৰু বৰ্তমানে এই মূল্য ৭৭ টকা হৈছে । মুম্বাইত প্ৰতি কিলো বিলাহীৰ খুচুৰা মূল্য যোৱা পহিলা মে’ত ৩৬ টকা আছিল ।

পহিলা জুনত মুম্বাইত বিলাহীৰ মূল্য কিলোত ৭৪ টকালৈ বৃদ্ধি পালে । একেদৰে চেন্নাইতো এমাহ পূৰ্বে প্ৰতি কিলো বিলাহী ৪৭ টকাত বিক্ৰী হৈছিল যদিও এতিয়া ৬২ টকালৈ বৃদ্ধি পালে ।

একেদৰে চেন্নাইতো এমাহ পূৰ্বে প্ৰতি কিলো বিলাহী ৪৭ টকাত বিক্ৰী হৈছিল যদিও এতিয়া ৬২ টকালৈ বৃদ্ধি পাইছে । অৱশ্যে দিল্লীত প্ৰতি কিলো বিলাহীৰ খুচুৰা মূল্য ৩৯ টকা হৈছে । দেশৰ একাংশ চহৰত সম্প্ৰতি প্ৰতি কিলো বিলাহীৰ মূল্য ৮০-১০০ টকালৈকে বৃদ্ধি পাইছে ।

Exit mobile version