Gautam Adani : উত্তৰ প্রদেশত ৭০ হেজাৰ কোটিৰ বিনিয়োগ, হ’ব ৩০ হেজাৰ কর্মসংস্থান ! কি প্ৰতিষ্ঠা কৰিব আদানিয়ে ?

Gautam Adani

উত্তৰ প্রদেশত ৭০,০০০ কোটি টকাৰ বিনিয়োগ কৰিব আদানি গোষ্ঠীয়ে । গঢ়া হ’ব দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ গোলাবাৰুদ তৈয়াৰী কাৰখানাও । ফলত এই ৰাজ্যত ৩০ হেজাৰৰো অধিক কর্মসংস্থান হ’ব । শুকুৰবাৰে এই বিপুল অংকৰ বিনিয়োগৰ ঘোষণা কৰাৰ পাছত এই দাবী কৰিলে আদানি গোষ্ঠীৰ প্ৰধান গৌতম আদানিয়ে ।

যোগী আদিত্যনাথ চৰকাৰৰ ৰাজ্যত বাৎসৰিক বাণিজ্য সন্মিলনত গৈছিল আদানি গোষ্ঠীৰ প্ৰধান । তাত তেওঁ বক্তৃতাত কয়, ‘‘উত্তৰ প্রদেশত ৭০,০০০ কোটি টকাৰ বিনিয়োগ কৰিছো । আশা কৰিছো ইয়ত ৩০ হেজাৰৰো অধিক চাকৰিৰ সুযোগ পাব কর্মপ্রার্থীসকলে ।’’

এই বিপুল অংকৰ ভিতৰত ইতিমধ্যে ১১,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে বুলিও জনাইছে আদানিয়ে । তেওঁ কয়, ‘‘এই ৰাজ্যত আগতেই ট্রান্সমিছন, বিকল্প শক্তি, পানীয় দ্ৰব্য, অগ্রি-লজিষ্টিক্স আৰু আমাৰ ডেটা চেণ্টাৰৰ ব্যৱসায়ত ১১,০০০ কোটি টকাৰ বিনিয়োগ কৰিছো আমি । এইবাৰ পথ আৰু পৰিবহণ কাঠামোত আৰু ২৪,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব । লগতে, মাল্টি-মডেল লজিষ্টিক্স আৰু প্রতিৰক্ষাৰ ক্ষেত্ৰত ৩৫,০০০ কোটি টকাৰ বিনিয়োগ কৰিম ।’’

উত্তৰ প্রদেশৰ কানপুৰত গোলাবাৰুদ প্ৰস্তুত কৰা কলকাৰখানাও প্ৰতিষ্ঠা কৰিব বিচাৰে আদানি গোষ্ঠীয়ে । গোষ্ঠীৰ ধনকুবেৰ প্ৰধানৰ দাবী, ‘‘উত্তৰ প্রদেশৰ প্রতিৰক্ষা কৰিডৰত এয়ে প্রথম ইমান বৃহৎ বিনিয়োগ কৰিব কোনো বেচৰকাৰী সংস্থাই । দক্ষিণ এছিয়াৰ ভিতৰত এই ধৰণৰ সৰ্ববৃহৎ কাৰখানা হ’ব এইটো ।’’

Exit mobile version