India COVID cases : পুনৰ চাৰি হেজাৰ অতিক্ৰম কৰিলে দেশৰ দৈনিক সংক্রমণৰ সংখ্যাই

1008151 969981 rt pcr test ians

ভাৰতত নতুনকৈ উদ্বেগ বঢ়াইছে কৰ’নাই । দৈনিক সংক্রমণৰ সংখ্যা বিগত চাৰিদিনত বাঢ়ি শুক্রবাৰে চাৰি হেজাৰৰ সীমা অতিক্ৰম কৰিছে । বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত আক্রান্ত হৈছে ৪০৪১ জন ।

ইয়াৰ পূৰ্বে শেষবাৰ দৈনিক সংক্রমণ চাৰি হেজাৰৰ সীমা অতিক্ৰম কৰিছিল যোৱা ১১ মার্চত । জানুৱাৰীত আৰম্ভ হোৱা ভাৰতৰ কৰ’না স্ফীতি তেতিয়া কিছু কমি আহিছে । শুকুৰবাৰে দেশৰ মুঠ কৰ’না ৰোগীৰ সংখ্যাও বহু বাঢ়িছে । ভাৰতত সম্প্ৰতি ২১ হেজাৰ ১৭৭ জন সক্ৰিয় কৰ’না ৰোগী আছে । ইয়াৰ পূৰ্বে মার্চৰ শেষ সপ্তাহত এই সংখ্যা ২১ হেজাৰৰ ওপৰত আছিল ।

কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ৰ দৈনিক কৰ’নাৰ তথ্য অনুযায়ী বিগত ২৪ ঘণ্টাত ২৩৬৩ জন কৰ’না মুক্ত হৈছে । কৰ’নাত মৃত্যু হৈছে ১০ জনৰ । যাৰ ভিতৰত পাঁচটা কেৰালাৰ অনথিভুক্ত মৃত্যু । বাকি পাঁচজনৰ ভিতৰত দুজনৰ মৃত্যু হৈছে দিল্লীত । মহাৰাষ্ট্র, কেৰালা আৰু নগালেণ্ডত এজনকৈ কৰ’না ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত ।

উল্লেখ্য, সম্প্রতি মহাৰাষ্ট্রত কৰ’না আক্রান্তসকলৰ হাস্পাতালত ভর্তি হোৱাৰ হাৰ বাঢ়িছে বুলি জনাইছিল মহাৰাষ্ট্র‌ই । কে’বাজনো ৰোগীক ঘৰত অক্সিজেনো দিবলগীয়া হৈছে । বৰ্ধিত কৰ’না সংক্রমণৰ মাজতেই পুনৰ হাস্পাতালত ভর্তিক লৈও উদ্বেগ বাঢ়িছে ।

দেশৰ বিভিন্ন ৰাজ্যসমূহৰ ভিতৰত কৰ’না সংক্রমণ উল্লেখযোগ্য হাৰত বাঢ়িছে মহাৰাষ্ট্রত । কেৰালাত বিগত কে’বা সপ্তাহ ধৰি ঊর্ধ্বমুখী আছিল সংক্রমণ । অৱশ্যে যোৱা ২৪ ঘণ্টাত সংক্রমণ প্রায় দুশৰ অধিক হৈ কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা হৈছে ১৩৭০ ।

আনহাতে, মহাৰাষ্ট্রত বৃহস্পতিবাৰৰ হিচাপে অনুযায়ী দৈনিক আক্রান্ত আছিল ১০৪১ জন । শুকুৰবাৰে সেই সংখ্যা বিশেষ বৃদ্ধি পোৱা নাই । শুকুৰবাৰে পুৱা আঠ বজা পর্যন্ত মহাৰাষ্ট্রত দৈনিক সংক্রমণ আছিল ১০৪৫ জন ।

সংক্রমণ বাঢ়িছে মহাৰাষ্ট্র আৰু কেৰালাৰ চুবুৰীয়া কর্নাটকতো, বিগত ২৪ ঘণ্টাত ২৯৭ জন কৰ’না আক্রান্ত হৈছে । দিল্লীৰ দৈনিক আক্রান্তৰ সংখ্যা ৩৭৩ । অৱশ্যে এই সংখ্যা বিগত ২৪ ঘণ্টাত বিশেষ বঢ়া নাই ।

ইয়াৰ উপৰি তামিলনাডুত ১৪৫, উত্তৰ প্রদেশত ১৫৭ আৰু হাৰিয়ানাত ১৮৮ জন নতুনকৈ কৰ’না আক্রান্ত হৈছে বিগত এদিনত । ৰাজস্থান আৰু পশ্চিমংগৰ দৈনিক সংক্রমণৰ সংখ্যা যথাক্রমে ৬০ আৰু ৫৭ ।

Exit mobile version