Jammu and Kashmir : কাশ্মীৰত এইবাৰ বিহাৰি শ্রমিকক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, সুৰক্ষাৰ দাবীত সংখ্যালঘুৰ আন্দোলন

171283 jammu kashmir final

কাশ্মীৰত পুনৰ ভিন্ ৰাজ্যৰ শ্রমিকক গুলি কৰিলে সন্ত্ৰাসবাদীয়ে । বৃহস্পতিবাৰে নিশা বদগামত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হয় দুই শ্রমিক । তেওঁলোকৰ ভিতৰত এজন নিহত হৈছে । আহত এজন। তেওঁলোক বিহাৰৰ বাসিন্দা ।

আৰক্ষী সূত্রে খবৰ, এই দুই শ্রমিকে চাদুৰাৰ মগ্রেপোৰাত এটা ইটভাটাত কাম কৰিছিল । বৃহস্পতিবাৰে নিশা তাত সন্ত্ৰাসবাদী যায় । দুই শ্রমিকক চিহ্নিত কৰি গুলি কৰে । স্থানীয় স্বাস্থ্যকেন্দ্রলৈ লৈ যোৱা হয় যদিও চিকিৎসকে গুৰুতৰভাৱে আহত দিলখুশ কুমাৰক (১৭) শ্রীনগৰৰ এছএমএইচএছ হাস্পাতালত স্থানান্তৰৰ পৰামর্শ দিয়ে । তাত লৈ যোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয় । গুৰি নামে আন এজন আহত শ্রমিকৰ অৱস্থা স্থিতিশীল বুলি আৰক্ষী সূত্রে জনাইছে । যোৱা অক্টোবৰতো সন্ত্ৰাসবাদীৰ গুলিৰ বলি হৈছিল বিহাৰৰ তিনি শ্রমিক ।

কাশ্মীৰ উপত্যকাত বিগত তিনি দিনত এই লৈ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হ’ল তিনিজনৰ । ইয়াৰে দুজন বহিঃ ৰাজ্যৰ । বৃহস্পতিবাৰে বিয়লি কুলগাম জিলাৰ এল্লাকুয়াত দেহাতি বেংকৰ ভিতৰত প্ৰৱেশ কৰি বিজয় কুমাৰ নামে এই বেংকৰ মেনেজাৰজনক গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে । বিজয় ৰাজস্থানৰ বাসিন্দা আছিল ।

মঙলবাৰে কুলগাম জিলাৰ গোপালপোৰাৰ এখন বিদ্যাল‌‌য়ৰ সন্মুখত শিক্ষয়িত্ৰী ৰজনী বালাক হত্যা কৰা হয় । ইয়াৰ পূৰ্বে ১৩ মে’ত বদগামত জিলাৰ চৰকাৰী কর্মচাৰী ৰাহুল ভট্ট কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল । তেওঁলোক দুজনেই কাশ্মীৰি পণ্ডিত আছিল ।

বিগত কে’বা মাহ ধৰি উপত্যাকাত সন্ত্ৰাসবাদীসকলে বাছি বাছি সংখ্যালঘু হিন্দু আৰু শিখ সম্প্রদায়ৰ মানুহক হত্যা কৰিছে । ইতিমধ্যে নিৰাপত্তাৰ দাবীত সৰৱ হৈছে কাশ্মীৰি পণ্ডিতসকল । কাশ্মীৰি পণ্ডিত ৰাহুলক হত্যাৰ পাছতেই উপত্যকাত সংখ্যালঘু পণ্ডিত সম্প্রদায়ৰ ক্ষোভৰ সৃষ্টি হৈছিল ।

মঙলবাৰে শিক্ষয়িত্ৰী ৰজনীৰ হত্যাৰ পাছত উপত্যকাৰ শতাধিক চৰকাৰী কর্মীয়ে আজি শীঘ্ৰে নিজ নিজ জিলাত স্থানান্তৰৰ দাবীত আন্দোলনত নামিছে । প্রেছ ক্লাৱৰ পৰা অম্বেডকৰ চক পর্যন্ত সমদল কৰে তেওঁলোকে ।

Exit mobile version