Noida Airport : দেশৰ বৃহত্তম বিমানবন্দৰ হ’ব নয়ডাত, লোকসভা নিৰ্বাচনৰ আগতেই কাৰ্য সমাপ্ত কৰাৰ লক্ষ্য

1647996151 airport anandabazar

লোকসভা নির্বাচন ২০২৪ত । তাৰ আগতেই নয়ডাত দেশৰ বৃহত্তম বিমানবন্দৰ তৈয়াৰৰ লক্ষ্য লৈছে নৰেন্দ্র মোদী চৰকাৰে । ছুইছ নির্মাণকাৰী সংস্থা ‘জুৰিখ এয়াৰপ’র্ট ইন্টাৰনেছনেল এজি’এ নয়ডা আন্তর্জাতিক বিমানবন্দৰ নিৰ্মাণৰ সম্পূর্ণ আবণ্টন পায় । এইবাৰ বিমানবন্দৰ নির্মাণসহ পৰিকাঠামোগত কামৰ বাবে তেওঁলোকে আবণ্টন দিলে টাটা গোষ্ঠীৰ নির্মাণ সংস্থা ‘টাটা প্র’জেক্টছ’ক । আগন্তুক দুবছৰৰ ভিতৰত বিমানবন্দৰৰ কাম শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

গ্রেটাৰ নয়ডাৰ জেৱাৰত ১৩৩৪ একৰ ভূমিক লৈ নিৰ্মাণ হৈছে দেশৰ বৃহত্তম আন্তর্জাতিক বিমানবন্দৰ । প্রথম পৰ্যায়ত এটা ৰানৱেত আৰম্ভ হ’ব । তাত ব্যয় হ’ব পাঁচ হেজাৰ সাতশ কোটি টকা । ফলত বছৰে এক কোটি ২০ লাখ মানুহক সেৱা দিয়া হ’ব ।

চুক্তি অনুযায়ী, টাটা বিমানবন্দৰৰ টার্মিনেল, ৰানৱেত, বিমান বিষয়ক পৰিকাঠামো, পথ আৰু বিমানবন্দৰৰ অন্যান্য বিল্ডিং নিৰ্মাণ কৰিব । কাম শেষ কৰাৰ সময়সীমা ধৰা হৈছে ২০২৪ বৰ্ষ ।

প্রসংগত, ২০১৯-ত ‘জুৰিখ এয়াৰপ’র্ট ইন্টাৰনেছনেল এজি’ নয়ডাত বিমানবন্দৰ নিৰ্মাণৰ পূর্ণ আবণ্টন পায় । ইয়াৰ পাছতে তেওঁলোকে নিৰ্মাণ কৰে ‘যমুনা ইন্টাৰনেছনেল এয়াৰপ’র্ট প্রাইভেট লিমিটেড (ৱাইআইএপিএল) । সেই সংস্থাই নির্মাণ সংক্রান্ত আবণ্টন দিছে টাটা প্রজেক্টছক ।

এই প্রসংগত টাটা প্রজেক্টছৰ চিইঅ’ বিনায়ক পায়ে কয়, ‘‘আমি যমুনা ইন্টাৰনেছনেল এয়াৰপ’র্ট প্রাইভেট লিমিটেডৰ স’তে এক যোগ হৈ কাম কৰি সময়সীমাৰ আগতেই কাম সমাপ্ত কৰিব বিচাৰো । ইয়াৰ বাবে আমি অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰিম, যি পৰিৱেশবান্ধৱ আৰু নিৰাপদ ।’’

দিল্লীত দেশৰ নতুন সংসদ ভৱন নিৰ্মাণ কাৰ্যৰ লগতো জড়িত টাটা । ইয়াৰ উপৰি মুম্বাই ট্রান্স হাৰবাৰ লিংক আৰু বিভিন্ন চহৰত মেট্র’ ৰেল প্রকল্পৰ কামো কৰিছে তেওঁলোকে ।

Exit mobile version