COVID-19 : ক’ভিড আপডেট

1008151 969981 rt pcr test ians

দেশজুৰি কৰ’নাৰ নতুন সংক্রমণ প্রায় চাৰি হেজাৰৰ ওচৰা-ওচৰি হ’ল । অৱশ্যে দেশৰ ভিতৰত দুশ্চিন্তা বাঢ়িছে কেৰালা, মহাৰাষ্ট্রসহ পাঁচখন ৰাজ্যত । এই ৰাজ্যকেইখনত ঊর্ধ্বমুখী সংক্রমণ ৰোধ কৰিবলৈ প্রয়োজনীয় পদক্ষেপ ল’বলৈ নির্দেশ দিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । দেশত দৈনিক মৃত্যুৰ সংখ্যা বাঢ়িছে বুলি মন্ত্রণালয় সূত্রে খবৰ ।

শনিবাৰে পুৱা স্বাস্থ্য মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত আৰু ৩,৯৬২ জনৰ ক’ভিডৰ সংক্রমণ ধৰা পৰিছে । এই পর্যন্ত মুঠ ৪,৩১,৭২,৫৪৭ জন কৰ’না আক্রান্ত হৈছে । তেওঁলোকৰ ভিতৰত সুস্থ হৈছে ৪,২৬,২৫,৪৫৪ জন । সম্প্ৰতি দেশত ২২,৪১৬ জন সক্রিয় ৰোগী আছে ।

বিগত ২৪ ঘণ্টাত ২৬ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে । এই পর্যন্ত দেশত মুঠ ৫,২৪,৬৭৭ জনৰ মৃত্যু হৈছে বুলি জনাইছে স্বাস্থ্য মন্ত্রণালয়ে ।

চলিত মাহৰ আৰম্ভণিৰ পৰাই কৰ’নাৰ সংক্রমণ ঊর্ধ্বমুখী হৈছে । স্বাস্থ্য মন্ত্রণালয়ৰ দাবী, সম্প্ৰতি নতুন সংক্রমিতসকলৰ ভিতৰত কেৰালাত সৰ্বাধিক ৩১.১৪ শতাংশ ক’ভিড ৰোগী আছে । তিনি জুন পর্যন্ত এই ৰাজ্যত ৬,৫৫৬ জন ৰোগীৰ সন্ধান পোৱা গৈছে ।

ইয়াৰ উপৰি, চলিত সপ্তাহত মহাৰাষ্ট্রত ৪,৮৮৩ জনৰ ক’ভিড ৰিপ’র্ট পজিটিভ আহিছে । এই দুই ৰাজ্যৰ উপৰি তামিলনাডু, তেলংগানা আৰু কর্নাটকৰ পৰিস্থিতিয়েও উদ্বেগ বঢ়াইছে । পাঁচ ৰাজ্য চৰকাৰকেই প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে স্বাস্থ্য মন্ত্রণালয়ৰ সচিব ৰাজেশ ভূষণে ।

Exit mobile version