Crime : মালিকক গুলিয়াই হত্যা কৰাৰ সাক্ষী দিলে পোহনীয়া ভাটৌৱে আদালতত ! ধৰা পৰিল হত্যাকাৰী

1654327022 1000 auto

এজন বৃদ্ধক গুলি কৰি হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হ’ল তেওঁৰ পত্নী । সাক্ষী দিলে মৃতৰ পোহনীয়া ভাটৌৱে ! তাৰ সাক্ষীৰ ভিত্তিতেই ন্যায়াধীশসকলে ২০১৫ৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰিলে ৪৯ বছৰীয়া গ্লেনা ডুৰামক ।

২০১৫ৰ মে’ত আমেৰিকাৰ ডেট্রয়েটত হত্যা হয় ৪৬ বছৰীয়া মার্টিন ডুৰাম নামে এজন ব্যক্তিৰ । অতি কাষৰ পৰা পাঁচটা গুলি কৰা হয় তেওঁক ।

মৃত্যু হয় মার্টিন ডুৰামৰ । আনহাতে, তেওঁৰ পত্নী গ্লেনা ডুৰামে মূৰত আঘাত পায় ।

আদালতত গোচৰ ৰুজু হয় । কোনে হত্যা কৰিলে মার্টিন ডুৰামক ? মার্টিনৰ প্রাক্তন পত্নী ক্রিষ্টিনাৰ দাবী, প্রাক্তন স্বামীক তেওঁৰ দ্বিতীয় পত্নী গ্লেনাই হত্যা কৰিছে । তাৰ পাছত নিজকে আঘাত কৰি অভিযোগ সলনি কৰিব বিচাৰিছে । কিন্তু তাৰ প্রমাণ কি ?

আদালতত সাক্ষী হিচাপে অনা হয় মৃত মার্টিনৰ পোহনীয়া ভাটৌক । নাম তাৰ ‘বাড’ ।

মার্টিনৰ প্রাক্তন পত্নীৰ অভিযোগ, গুলি চালনাৰ সময়ত কাষতেই আছিল ভাটৌটো । মার্টিনক গুলি চলোৱাৰ সময়ত ছট্‌ফট্‌ কৰি উঠে সি ।

ভাটৌটোক সদ্য কথা কোৱা শিকাইছিল মার্টিনে । মালিকৰ দিশে তেওঁৰ মালিকনিয়ে বন্দুক টুৱাত বাধা দিছিল সি । কৈ উঠে ‘নামাৰিব’ । তাৰ কণ্ঠৰ স্বৰ ঠিক মার্টিনৰ দৰেই আছিল ।

প্রাক্তন স্বামীৰ মৃত্যুৰ পাছত ক্রিষ্টিনাই এই চৰাইটোক লৈ যায় । কাৰণ, মার্টিনৰ পাছত ভাটৌটোৱে তেওঁকেই চিনি পাইছিল ।

আদালতত চৰাইটোৰ সাক্ষ্য লোৱা হয় । কিন্তু এটা চৰাইৰ সাক্ষ্যৰ ভিত্তিত কাৰোবাক অপৰাধী সাজিব পাৰি নে ? বাদ-বিবাদৰ মাজতে আৰম্ভ হয় আইনী প্ৰক্ৰিয়া ।

দীর্ঘ প্ৰশ্ন-উত্তৰ চলে । প্রথমে আদালতে জনায়, এটা ভাটৌৰ সাক্ষ্য লৈ কাকো অপৰাধী ক’ব নোৱাৰি । আগতেই গোচৰ খাৰিজ হয় ।

কিন্তু পুনৰ আদালতত উত্থাপিত হয় গোচৰতো । আদালতত ক্রিষ্টিনাই মুখ খোলে । মার্টিনৰ মৃত্যুৰ পাছত ভাটৌটো তেওঁৰ লগতে আছিল । সি মাজে মাজে কয় ‘ফা…ড’ন্ট শ্বুট’ ।

ক্রিষ্টিনাৰ দাবী, তেওঁলোকৰ পোহনীয়া ‘বাড’-ৰ মনত ৰৈ গৈছে তাৰ মালিকক হত্যা কৰাৰ ঘটনা । সেয়ে সি হঠাৎ চিঞৰি উঠে বলে, ‘গুলি নকৰিব’ ।

দীর্ঘ প্ৰশ্ন-উত্তৰৰ পাছত স্বামীক হত্যাৰ অপৰাধত গ্লেনাক দোষী সাব্যস্ত কৰে আদালতে ।

মার্টিনৰ পোহনীয়া চৰাইটো আফ্রিকাৰ গ্রে পেৰট (আফ্রিকাৰ ধূসৰ প্রজাতিৰ ভাটৌ) ।

বহু গৱেষকৰ দাবী, আফ্রিকাৰ এই বিশেষ প্রজাতিৰ চৰাইটোৱে দুশৰো অধিক শব্দ মনত ৰাখিব পাৰে । ইহঁত বেচ বুদ্ধিমান ।

‘বাড’ সেই আফ্রিকান প্রজাতিৰে ভাটৌ, যাৰ স্মৃতিশক্তি বেচ ভাল । সেয়ে তাৰ মালিকে কোৱা ‘ফা… ড’ন্ট শ্বুট’ শব্দবন্ধই হৈ উঠিল এই বিচাৰ প্রক্রিয়াৰ সাক্ষী ।

কিছু দিনৰ ভিতৰতে স্বামী হত্যাত দোষী সাব্যস্ত হোৱা গ্লেনা ডুৰামৰ শাস্তি ঘোষণা কৰিব আদালতে ।

হত্যাৰ গোচৰত সাক্ষী দিছে চৰায়ে, গল্প-উপন্যাসত এনে বহু কাহিনী পোৱা যায় । বাস্তৱতো এনে ঘটনা পোৱা গৈছে । তাত নতুন সংযুক্তি এই আফ্রিকান গ্রে পেৰটৰ সাক্ষ্যদান ।

Exit mobile version