Kanpur : বিজেপি নেত্রীৰ বিতর্কিত মন্তব্যৰ পাছতেই গোষ্ঠী সংঘৰ্ষ কানপুৰত

1654325582 kanpur

এটা টিভি চেনেলত বিতর্কৰ সময়ত বিজেপি নেত্রী নুপূৰ শর্মাৰ ‘প্ৰৰোচনামূলক’ মন্তব্যৰ পাছতেই উত্তেজনাৰ সৃষ্টি হ’ল কানপুৰত । উত্তৰ প্রদেশৰ অর্থনৈতিক ৰাজধানীত শুকুৰবাৰ সন্ধিয়াৰ পৰাই গোষ্ঠী সংঘর্ষ সৃষ্টি হৈছে ‌। এই পর্যন্ত সংঘর্ষত ১২ জন আহত হৈছে । বহু ঘৰ আৰু দোকান ভঙা হৈছে । আৰক্ষীয়ে জনাইছে, শুকুৰবাৰে সন্ধিয়া পেৰেড চক, বেকনগঞ্জ, মেষ্টন ৰোডসহ চহৰৰ বিভিন্ন অঞ্চলত দোকান আৰু ঘৰত লুণ্ঠনৰাজ আৰম্ভ হয় । ইয়াৰ পাছতেই দুই পক্ষৰ মাজত সংঘর্ষৰ সৃষ্টি হয় । বাধা আৰোপ কৰাত আৰক্ষীকো আক্ৰমণ কৰে । লুট-পাত আৰু হিংসাত্মক কার্যকলাপত জড়িত থকাৰ অভিযোগত শনিবাৰে বিয়লি পর্যন্ত ১৮ জনক গ্রেপ্তাৰ কৰা হৈছে ।

কানপুৰৰ আৰক্ষী কমিছনাৰ বিজয় সিং মিনাই শনিবাৰে কয়, ‘‘সংঘৰ্ষত জড়িতসকলৰ বিৰুদ্ধে ‘গেংষ্টাৰ আইন’ অনুযায়ী গোচৰ ৰুজু কৰি তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ প্রক্রিয়া আৰম্ভ হ’ব ।’’ আৰক্ষীৰ এক সূত্র‌ই জনাইছে, কট্টৰপন্থী সংগঠন ‘পপুলাৰ ফ্রন্ট অৱ ইণ্ডিয়া’ (পিএফআই)-ৰ প্রৰোচনাতেই অশান্তিৰ সৃষ্টি হৈছে কানপুৰত ।

সাম্প্রতিক দিল্লী সংঘৰ্ষতো এই সংগঠনৰ ‘ভূমিকা’ৰ কথা জনোৱা হৈছিল দিল্লী আৰক্ষীৰ প্ৰতিবেদনত । যোৱা বুধবাৰে পিএফআই আৰু তাৰ সহযোগী সংগঠনৰ ৩৩টা বেংক একাউন্ট বাজেয়াপ্ত কৰিছে কেন্দ্রীয় সংস্থা এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) ।

Exit mobile version