Monkeypox : এইবাৰ ভাৰতত মাংকি পক্স ? পাঁচ বছৰীয়া শিশুৰ নমুনা পৰীক্ষণ গাজিয়াবাদত

RZ4777CHHFJEZK7GHPQTGDCO24

মাংকি পক্স ভাইৰাছ সংক্রমণৰ শংকাত উত্তৰ প্রদেশৰ এটি পাঁচ বছৰীয়া শিশুকন্যাৰ নমুনা পৰীক্ষা কৰা হৈছে । গাজিয়াবাদৰ চিফ মেডিকেল অফিচাৰে (চিএমঅ’) সংবাদ সংস্থাক জনাইছে, সতর্কতামূলক ব্যৱস্থা হিচাপেই এই পদক্ষেপ ।

শিশুটিৰ ছালত ফোঁহা জাতীয় ৰোগৰ প্রকোপ দেখা দিয়ত এই সতর্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনাইছে । স্বাস্থ্য বিষয়াজনে কয়, ‘‘পাঁচ বছৰৰ এই শিশু বা তাৰ সংস্পর্শত অহা কোনেও বিগত এমাহৰ ভিতৰত বিদেশ ভ্রমণ কৰা নাই । শিশুটিৰ শৰীৰত অন্য কোনো শাৰীৰিক সমস্যাও নাই ।’’

ভাৰতত এই পৰ্যন্ত মাংকি পক্সৰ সন্ধান পোৱা নাই । কিন্তু সাৱধানতা অৱলম্বন কৰিব বিচাৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । বিন্দুমাত্র সন্দেহ হ’লেই নমুনা পৰীক্ষাৰ বাবে ৰাজ্যসমূহক উদ্দেশ্যি নির্দেশনা জাৰি কৰা হৈছে চলিত সপ্তাহতেই ।

বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ তথ্য অনুযায়ী এই পর্যন্ত বিশ্বৰ প্রায় ৩০খন দেশত মাংকি পক্স বিয়পিছে । ইয়াৰ ভিতৰত ব্রিটেইন, কানাডা, স্পেইন, জার্মানী, ছুইডেন, অষ্ট্ৰেলিয়া, আমেৰিকা, আর্জেন্তিনাৰ দৰে দেশ আছে ।

Exit mobile version