Russia Ukraine War : যুদ্ধৰ ১০০ দিন : ইউক্রেইনৰ ২০ শতাংশ দখল কৰিও ৰাছিয়াৰ হাতত অৰ্ধ কিয়েভ, দাবী জেলেনস্কিৰ

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ আজি ১০০ দিন হ’ল । যোৱা ২৪ ফেব্রুৱাৰীত কিয়েভৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল মস্কোৱে । তাৰ ১০০ দিন পাছত আজি পৰিস্থিতি কি ? আগ্রাসনত কিমান সফল হৈছে ৰাছিয়া ? কি কয় ইউক্রেইনে ?

১০০ দিনত ইউক্রেইনৰ প্ৰায় ২০ শতাংশ অঞ্চল দখল কৰিছে ৰাছিয়াই । কালি এই কথা জনাইছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । অৱশ্যে ৰুছ সেনাৰ ৰাজধানী কিয়েভ দখলৰ স্বপ্ন ধূলিস্যাৎ কৰিছে ইউক্রেইন বাহিনীয়ে । সম্প্ৰতি মূলত বিচ্ছিন্নতাবাদী অধ্যুষিত পূৱ ইউক্রেইনৰ ডনবাস অঞ্চল ৰাছিয়াৰ দখলত । তাত সমান্তৰাল শাসন চলোৱাৰ চেষ্টা কৰিছে মস্কোৱে । ইউক্রেইনত গুলিয়াগুলি বা ক্ষেপণাস্ত্র আক্ৰমণ স্থগিত কৰা নাই তেওঁলোকে । আক্রমণৰ তীব্রতা কমিলেও গোলাবর্ষণ অব্যাহত আছে ।

কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে দেখা কৰে নেটোৰ প্রধান জেন্স ষ্টল্টেনবার্গে । তেওঁ বাইডেনক কয়, এই দীর্ঘ যুদ্ধৱ প্রভাৱ ইউক্রেইনৰ প্রতিবেশী দেশসমূহৰ ওপৰতো পৰিছে । তেওঁলোককো সহযোগ কৰিব লাগিব ।

কালি লুক্সেমবুর্গৰ স’তে এক ভার্চুৱেল প্রশাসনিক বৈঠকত জেলেনস্কিয়ে কয়, ‘‘বিগত ১০০ দিনত সহস্ৰাধিক লোকে ইউক্রেইন ত্যাগ কৰি পলায়ন কৰিবলৈ বাধ্য হয় । অসংখ্য ইউক্রেইন সেনাৰ লগতে প্রচুৰ মানুহক হত্যা কৰিছে ৰুছ সেনাই । তেওঁলোকে আমাৰ দেশৰ প্ৰায় ২০ শতাংশ অঞ্চল দখল কৰিছে ।’’ তেওঁ জনায়, ডনবাসৰ অন্তর্ভুক্ত লুহানস্কৰ ছেভেৰোডনেস্কত এতিয়াও আক্ৰমণ চলাইছে ৰুছ সেনাই । কৌশলগতভাৱে ছেভেৰোডনেস্কৰ অৱস্থান অতি গুৰুত্বপূর্ণ । এখানের আজট কাৰখানাটো ইউৰোপৰ বৃহত্তম ৰাসায়নিক কাৰখানা বুলি পৰিচিত । সেই কাৰখানাৰ প্রশাসনিক ভৱনতো আক্ৰমণ চলাইছে ৰুছ সেনাই । অৱশ্যে লুহানস্কৰ গভর্নৰ ছের্গেই গেডেয়ে কয়, সৰ্বশক্তিৰে যুঁজ দিছে ইউক্রেইনৰ সেনাই । তেওঁলোকে অন্ত চাব‌ই ।

আনহাতে, ইউক্রেইনৰ লগতে যুদ্ধাপৰাধৰ বিচাৰ আৰম্ভ কৰিছে ৰাছিয়াও । এনে কোনো গোচৰত ইউক্রেইনৰ পৰা ‘জোৰ’ কৰি শিশুসকলক ৰাছিয়াত ‘সৰবৰাহ’ কৰাৰ অভিযোগ উঠিল মস্কোৰ বিৰুদ্ধে ।

ইউক্রেইনত একাধিক যুদ্ধাপৰাধৰ তদন্তৰ দায়িত্বত থকা জেনেৰেল ইৰিনা বেনেডিক্টোভাই জনায়, যুদ্ধ আৰম্ভ হোৱাৰ পাছত বিগত ১০০ দিনত পূৱ ইউৰোপৰ বিভিন্ন দেশৰ পৰা ৰাছিয়াত ‘জোৰ কৰি’ শিশুসকলক সৰবৰাহ কৰাক লৈ কুৰিৰো অধিক গোচৰ দাখিল হৈছে । তেওঁ জনায়, যুদ্ধবন্দী ৰুছ সেনাৰ বিৰুদ্ধে আন্তর্জাতিক যুদ্ধ-আইন ভংগ, নিৰপৰাধ জনসাধাৰণক বিনা প্রৰোচনাত হত্যা কৰা, গণহত্যাৰ দৰে বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি গোচৰ অব্যাহত আছে ।

Exit mobile version