Uttar Pradesh : উত্তৰ প্রদেশৰ বৈদ্যুতিক যন্ত্র প্ৰস্তুতকাৰী কাৰখানাত বিস্ফোৰণ, মৃত্যু আঠ, আহত ১৫

1654347936 new project 21

উত্তৰ প্রদেশৰ এটা বৈদ্যুতিক সৰঞ্জাম প্ৰস্তুতকাৰী কাৰখানাত বিস্ফোৰণৰ ফলত প্রাণ গ’ল আঠজনৰ । ঘটনাত আহত হয় প্ৰায় ১৫ জন । কে’বাজনো শ্রমিক এতিয়াও এই কাৰখানাত আবদ্ধ হৈ আছে । বিস্ফোৰণৰ লাভ কৰিয়েই ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী । এই ঘটনাত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে ।

শনিবাৰে বিয়লি উত্তৰ প্রদেশৰ হাপুৰ জিলাৰ ধৌলানা ঔদ্যোগিক অঞ্চলৰ এটা বৈদ্যুতিক সৰঞ্জাম প্ৰস্তুতকাৰী কাৰখানাত এই বিস্ফোৰণ ঘটে । এই কাৰখানাটোৰ কাষতেই এটা পেট্রল পাম্প থকাত বিষয়টোক লৈ আৰু উদ্বিগ্ন হয় অগ্নিনিৰ্বাপক কর্তৃপক্ষ । অগ্নিনিৰ্বাপক বাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে, বিস্ফোৰণত কাৰখানাৰ বয়লাৰটো ক্ষতিগ্ৰস্ত হৈছে ।

বিস্ফোৰণ ঘটাকালীন আশে-পাশে প্ৰায় ২৫ জন শ্রমিক কাম কৰি আছিল । স্থানীয়সকলে জনায়, বিস্ফোৰণৰ ঘটনাত কাৰখানাৰ আশে-পাশে থকা কিছু ঘৰৰ চালি ক্ষতিগ্ৰস্ত হৈছে । জুই নুমুৱাবলৈ প্রায় তিনি ঘণ্টা সময় লাগিছে ।

বিস্ফোৰণৰ খবৰ পায়েই টুইটাৰত জিলা প্রশাসনক দ্রুত উদ্ধাৰকাৰ্য আৰম্ভ কৰাৰ নির্দেশ দিয়ে মুখ্যমন্ত্রী যোগী আদিত্যনাথে । হাপুৰৰ আইজি প্রবীণ কুমাৰে জনায়, বিস্ফোৰণৰ ঘটনাত আঠজনৰ মৃত্যু হৈছে । বাকী ১৭ জনৰ ভিতৰত ১৫ জনক হাস্পাতালত ভর্তি কৰোৱা হৈছে । বিস্ফোৰণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জনাইছে হাপুৰ আৰক্ষীয়ে ।

Exit mobile version