ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক আইমী বৰুৱা। ডিমাছা ভাষাত নিৰ্মিত ছবি ‘চেমখৰ’ৰ জৰিয়তে দেশৰ লগতে বিদেশতো অসমক গৌৰৱান্বিত কৰিবলৈ সমৰ্থ হোৱা অভিনেত্ৰীগৰাকীয়ে এইবাৰ তথ্যচিত্ৰৰে সকলোৰে হৃদয় জিনিবলৈ সমৰ্থ হৈছে। ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জিলিকি উঠা এই তথ্যচিত্ৰখন হৈছে ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’। ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে চলচিত্ৰ মহোৎসৱখনিত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে লাভ কৰিছে ‘Silver Conch’-ৰ সন্মান। ভাৰত চৰকাৰৰ তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ফিল্ম ডিভিজনৰ উদ্যোগত অনুষ্ঠিত এই চলচিত্ৰ মহোৎসৱত শনিবাৰে আয়োজিত এক বিশেষ অনুষ্ঠানত ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’লৈ আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগান, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰী আৰু প্ৰখ্যাত চলচিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ উপস্থিতিত ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক তথা অভিনেত্ৰী আইমী বৰুৱাই। এই বঁটাত আছে ট্ৰফী আৰু নগদ ৫ লাখ টকা। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এই তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে মালা বৰুৱাই।
এইবাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অভিনেত্ৰী আইমী বৰুৱা*
১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জিলিকি উঠা এই তথ্যচিত্ৰখন হৈছে 'স্ক্ৰীমিং বাটাৰফ্লাইজ’। ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে চলচিত্ৰ মহোৎসৱখনিত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে লাভ কৰিছে ‘Silver Conch'-ৰ সন্মান।
-
By publisher

ADVERTISEMENT
- Categories: Entertainment, News
- Tags: Aimee BaruahSilver Conchস্ক্ৰীমিং বাটাৰফ্লাইজ
Related Content
Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প'ৰ্টেল
By
publisher
June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
By
publisher
June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
By
publisher
June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
By
publisher
June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
By
publisher
June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
By
publisher
June 7, 2025