ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ভিত্তিতহে অনুদান

delhi school 1 1

ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ভিত্তিতহে শিক্ষানুষ্ঠানে লাভ কৰিব বছৰেকীয়া অনুদান । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিমানে বাঢ়িব সিমানে অধিক পৰিমাণত শিক্ষানুষ্ঠান পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা পুঁজি যোগান ধৰিব চৰকাৰে । এই নীতিৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অসমে পলমকৈ হ’লেও ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যৰ ৪,৩৫২ খন শিক্ষানুষ্ঠানৰ বাবে বছৰেকীয়া পুঁজি মুকলিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । তেনে শিক্ষানুষ্ঠানবোৰৰ ভিতৰত আছে চৰকাৰী-প্ৰাদেশীকৃত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত কনিষ্ঠ মহাবিদ্যালয়কো অন্তৰ্ভুক্ত কৰা হৈছে । শেহতীয়াকৈ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অসমৰ মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ে এই সন্দৰ্ভত জিলা প্ৰগ্ৰাম ক’অৰ্ডিনেটৰ তথা বিদ্যালয় পৰিদৰ্শকসকললৈ প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যাভেদে সৰ্বনিম্ন ১০ হেজাৰৰ পৰা সৰ্বাধিক এক লাখ টকালৈকে বাৰ্ষিক অনুদান বিদ্যালয়সমূহক প্ৰদান কৰা হ’ব । তাত উল্লেখ কৰা হৈছে যে যিবোৰ শিক্ষানুষ্ঠানত সৰ্বাধিক ৩০ জন ছাত্ৰ-ছাত্ৰী আছে সেইবোৰে ১০ হেজাৰ টকাহে বছৰেকীয়া অনুদান লাভ কৰিব ।

৩১ৰ পৰা এশজনলৈ ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানে লাভ কৰিব ২৫ হেজাৰকৈ টকা । ১০১ৰ পৰা ২৫০ লৈ ছাত্ৰ-ছাত্ৰী থাকিলে লাভ কৰিব ৫০ হেজাৰ টকা । ২৫১ৰ পৰা এহেজাৰ ছাত্ৰ-ছাত্ৰী থাকা শিক্ষানুষ্ঠানবোৰে লাভ কৰিব ৭৫ হেজাৰ টকা । আনহাতে, এহেজাৰৰ অধিক ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানে লাভ কৰিব সৰ্বোচ্চ এক লাখকৈ টকা । এই পুঁজি শিক্ষানুষ্ঠানবোৰে শিক্ষানুষ্ঠান পৰিচালনা আৰু উন্নয়ন সমিতি (এছ এম ডি চি)ৰ লগত আলোচনা মৰ্মে ব্যয় কৰিব পাৰিব । এই প্ৰসংগতে ৰাজ্যৰ শিক্ষা বিভাগৰ সূত্ৰ‌ই সদৰী কৰে যে চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ দায়বদ্ধতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত অধিক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ভিত্তিত বাৰ্ষিক অনুদানৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ল তাৰে এক অংশ । সূত্ৰটোৱে উল্লেখ কৰে যে বিশেষকৈ বিগত কেইবছৰমানৰ ভিতৰত প্ৰাদেশিকীকৰণ হোৱা অধিকাংশ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস হোৱা দেখা গৈছে । প্ৰাদেশিকীকৰণ হোৱা অধিকাংশ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস হোৱা দেখা গৈছে ।

প্ৰাদেশিকীকৰণৰ পূৰ্বে যিমান ছাত্ৰ-ছাত্ৰী শিক্ষানুষ্ঠানত পঢ়িছিল, প্ৰাদেশিকীকৰণৰ পাছত সেই সংখ্যা দ্ৰুতগতিত হ্ৰাস হয় । তেনেদৰে একাংশ চৰকাৰী শিক্ষানুষ্ঠানত পূৰ্বৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে যদিও বহুতত একেই আছে অথবা হ্ৰাসহে হৈছে । সেয়েহে বিষয়টোৰ ক্ষেত্ৰত সংশ্লিষ্ট পক্ষবোৰৰ দায়বদ্ধতা বৃদ্ধিত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । ইপিনে, আবণ্টিত পুঁজি সম্পূৰ্ণ তথ্যভিত্তিত ব্যয় কৰিব লাগিব আৰু ব্যয় প্ৰমাণপত্ৰ নিৰ্দিষ্ট কৰ্তৃপক্ষক দাখিল কৰিব লাগিব ।

নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিদ্যালয়ে লাভ কৰা পুঁজিৰ ১০ শতাংশ বাধ্যতামূলকভাৱে স্বচ্ছতা ৰক্ষাত শিতানত ব্যয় কৰিব লাগিব । বাকী ৯০ শতাংশ পুঁজিৰ পৰা বিদ্যুৎ মাচুল পৰিশোধ, নষ্ট হোৱা সা-সামগ্ৰী সলনি কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, টেলিফোন ব্যৱহাৰৰ মাচুল পৰিশোধ কৰা, শ্ৰেণীকোঠাত ডিজিটেল শিক্ষা ব্যৱস্থা গঢ়ি তোলা, বিদ্যালয়ৰ গৃহ-অনাময় ব্যৱস্থা আদি মেৰামতি কৰা আদি শিতানত ব্যয় কৰিব লাগিব ।

Exit mobile version