COVID-19 : দেশত চাৰি হেজাৰৰ অধিক দৈনিক আক্রান্ত, মুম্বাইত চাৰি দিনত মার্চৰ দ্বিগুণ সংক্রমণ

1591891981 375

দেশজুৰি চাৰি হেজাৰৰ অধিক লোক নতুনকৈ কৰ’নাত আক্রান্ত হৈছে । উদ্বেগ বঢ়াইছে কেৰালা, মহাৰাষ্ট্র, তামিলনাডুসহ দেশৰ পাঁচ ৰাজ্যৰ সংক্রমণৰ ঊর্ধ্বমুখী প্রৱণতাই । চহৰসমূহৰ ভিতৰত মুম্বাইৰ পৰিস্থিতিয়ে শংকা বৃদ্ধি কৰিছে । চলিত মাহৰ প্রথম চাৰি দিনত মুম্বাইত ক’ভিডত আক্রান্তৰ সংখ্যা মার্চৰ প্রায় দ্বিগুণ হৈছে ।

দেওবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ৪,২৭০ জনৰ মাজত নতুনকৈ কৰ’নাৰ সংক্রমণ বিয়পিছে । বস্তুত, বিগত দুদিন ধৰি দৈনিক আক্রান্তৰ সংখ্যা চাৰি হেজাৰৰ আশে-পাশেই আছে । সমগ্ৰ দেশত দৈনিক সংক্রমণৰ হাৰ বিগত ৩৪ দিন পাছত এক শতাংশ বাঢ়িছে । এই পর্যন্ত ৪,৩১,৭৬,৮১৭ জনৰ শৰীৰত সংক্রমণ ধৰা পৰিছে বুলি জনাইছে স্বাস্থ্য মন্ত্রণালয়ে । তাৰ ভিতৰত সম্প্ৰতি সক্রিয় ৰোগীৰ সংখ্যা ২৪,০৫২ ।

স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, দেশজুৰি ৫,২৪,৬৯২ জন ক’ভিডত আক্ৰান্ত হৈছে । বিগত ২৪ ঘণ্টাত ১৫ জন ৰোগীৰ মৃত্যু হৈছে ।

মুম্বাই, ঠাণেসহ মহাৰাষ্ট্রৰ বহু চহৰত সংক্রমণ বাঢ়িছে । বৃহন্মুম্বাই মিউনিচিপাল কর্প’ৰেছনে (বিএমচি) জনাইছে, বিগত চাৰি দিনত সক্রিয় ৰোগীৰ সংখ্যা ৩,০৯৫ । অথচ মার্চত সক্রিয় ৰোগী আছিল ১,৫১৯ জন । এপ্রিলত এই সংখ্যা আছিল ১,৭৯৫ । বিএমচি-ৰ দ্বাৰা প্রকাশিত তথ্য অনুযায়ী, সমগ্ৰ ৰাজ্যৰ ৬০ শতাংশ ৰোগী কেৱল মুম্বাইতেই আছে ।

মহাৰাষ্ট্রৰ দৰেই কেৰালাতো সংক্রমণৰ হাৰ বাঢ়িছে । এই ৰাজ্যৰ এর্নাকুলাম, তিৰুঅনন্তপুৰম আৰু কোট্টায়াম জিলাৰ পৰিস্থিতিয়ে উদ্বেগ বঢ়াইছে । মহাৰাষ্ট্র আৰু কেৰালাৰ সাম্প্রতিক কৰ’না-স্ফীতি ৰোধ কৰিবৰ বাবে প্রয়োজনীয় পদক্ষেপ লোৱাৰ নির্দেশ দিছে ৰাজ্যবোৰৰ স্বাস্থ্য বিভাগে । ক’ভিড পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি বুষ্টাৰ টিকা লোৱা বা মাস্ক পৰিধান কৰাৰ দৰে গুৰুতৰ কথা প্রচাৰ কৰাৰ পদক্ষেপ ল’বৰ বাবে নিৰ্দেশ দিছে ৰাজ্য প্রশাসনে ।

Exit mobile version