আফগানিস্তানত তালিবানৰ বিৰুদ্ধে ২০১০ৰ যুদ্ধৰ সময়ত হোৱা বিস্ফোৰণত তেওঁৰ দুয়োখন ভৰি হেৰাইছিল। তথাপিও মনৰ অদম্য ইচ্ছাশক্তিৰে তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগত উঠি আদৰ্শ দাঙি ধৰিব আগবাঢ়িছে । তেওঁ ব্ৰিটিছ সেনাৰ হৰি বুঢ়া মগৰ। ১৫ বছৰ ধৰি ব্ৰিটিছ সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কিলিমঞ্জাৰো পৰ্বতকে ধৰি বহুতো শৃংগ জয় কৰিছে। আফগান-তালিবানৰ সংঘাতৰ সময়ত তেওঁ আফগানিস্তানত উপস্থিত আছিল। হৰিয়ে অঞ্চলটোত টহল দি থকাৰ সময়তে সংঘটিত হয় এটা বিস্ফোৰণ। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ দুখন ভৰি হেৰাই গ’ল। ২০১৬ত বন্ধু-বান্ধৱীসহ নিজৰ জন্মভূমি নেপাললৈ উভতি আহিছিল।
ভৰি দুখন হেৰাই হতাশ হৈ পৰিছিল হৰি বুঢ়া মগৰ । বেছিভাগ সময়তে তেওঁ মদ্যপান কৰিছিল। পত্নী আৰু তিনিটাৰ পৰিয়ালৰ আগত আদৰ্শ দাঙি ধৰিবলৈ তেওঁ নকল ভৰিৰে এভাৰেষ্ট আৰোহণ কৰাৰ সিদ্ধান্ত লয়। তেওঁ সপোন পূৰণৰ বাবে এখোজ এটাকৈ আগবাঢ়িছে।