Uttarakhand : নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ১৮ কিলোমিটাৰ খোজকাঢ়ি উত্তৰাখণ্ডৰ ভিতৰুৱা গাঁৱত মুখ্য নির্বাচন কমিছনাৰ

1654416463 cec

কথাতে কয়, উপদেশতকৈ আৰ্হি ভাল । এই কথাই অৱলম্বন কৰে মুখ্য নির্বাচন কমিছনাৰ ৰাজীৱ কুমাৰে । ভোট দিয়াবৰ বাবে ভোটাৰসকলৰ লগতে ভোটকর্মীসকলকো উৎসাহ দিব লাগিব । সেয়ে উত্তৰাখণ্ডৰ প্রত্যন্ত গাঁৱত ট্রেক কৰি উপস্থিত হ’ল তেওঁ । দীর্ঘ ১৮ কিলোমিটাৰ অতিক্ৰম কৰিলে ট্রেক কৰি । সেয়াও নিৰ্বাচনৰ তিনি দিন আগতে ।

জম্মু-কাশ্মীৰ, অৰুণাচল প্রদেশ, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিভিন্ন স্থান আছে, য’ত ভোট গ্ৰহণ কৰা বেচ কষ্টকৰ । কিন্তু দেশৰ সকলো স্থানতে যাতে জনসাধাৰণে নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, সেয়ে এই ট্রেকিঙৰ সিদ্ধান্ত লৈছে মুখ্য নির্বাচন কমিছনাৰে ।

এটা বিবৃতিত মুখ্য নির্বাচন কমিছনাৰে জনায়, উত্তৰাখণ্ডৰ যি ভোট কেন্দ্রত তেওঁ ট্রেক কৰি উপস্থিত হয়, সেই গাঁৱৰ নাম দুমাক । যাতায়াতৰ সমস্যাৰ কথা ভাবিয়ে তিনি দিন আগতেই এই ভোট কেন্দ্রত উপস্থিত হৈছে ভোটকর্মীসকল । তেওঁলোকক উৎসাহ দিবলৈ নিজেও পাহাৰৰ উঠা-নমা অতিক্ৰম কৰি তাত উপস্থিত হয় ৰাজীৱ কুমাৰ । লগতে, নতুন মুখ্য নির্বাচন কমিছনাৰে প্রত্যন্ত অঞ্চলৰ মানুহৰ মাজত ভোটদানৰ উৎসাহ বৃদ্ধি কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কমিছনাৰ কুমাৰে সংবাদ সংস্থাক কয়, ‘‘ইয়াত উপস্থিত হ’বলৈ ভোটকর্মীসকলে যি কষ্ট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেয়া নিজেও বুজিবলৈ চেষ্টা কৰিছিলো । আৰু বিভিন্ন প্রত্যন্ত অঞ্চলত ভোটৰ সময়ত ম‌ই নিজেই যাব ।’’

উল্লেখ্য, দুমাক ভোটকেন্দ্রটো বদ্রিনাথ বিধানসভাৰ অন্তর্গত । শুকুৰবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী চম্পাবাদ উপনির্বাচনত ৫৫ হেজাৰৰো অধিক ভোটত জয়ী হৈছে । বিগত বিধানসভা নিৰ্বাচনত উত্তৰাখণ্ডত বিজেপি-ৰ বিপুল ব্যৱধানত জয়ৰ পাছতো পৰাজিত হয় মুখ্যমন্ত্রী পদপ্রার্থী ধামী ।

Exit mobile version