Water Crisis in Nashik : মহাৰাষ্ট্রৰ নাছিকত জলসংকট !

তিনি কিলোমিটাৰ খোজকাঢ়ি কুঁৱাৰ পৰা খোৱা পানী আনিছে গাঁওবাসীয়ে

cdb6eb3d c91d 44b4 a83a

পানীয়ে প্ৰাণীৰ প্ৰাণ । সেয়ে প্ৰাণ ৰক্ষা কৰিবলৈয়ে তিনি কিলোমিটাৰ খোজকাঢ়ি পানী আনিবলগীয়া হৈছে মহিলাসকলে । সেয়াও এটা কুঁৱাৰ পৰা । যিটোৰ একেবাৰে তলত গ’লেহে সেই ‘পানী’ পোৱা যায় ! যি পানীৰে সম্পূৰ্ণ পিয়াহ নমৰে । এই ভয়াৱহ ছবি ধৰা পৰিছে মহাৰাষ্ট্রৰ নাছিকৰ এখন গাঁৱত ।

অকণমান পানীৰ বাবে তিনি কিলোমিটাৰ পথ খোজকাঢ়িবলগীয়া হয় সেই কুঁৱাৰ কাষ পাবলৈ । কুঁৱাৰ তলিত বোকামিশ্রিত সেই পানী চেকি পাত্রত ভৰাই আকৌ তিনি কিলোমিটাৰ পথ খোজকাঢ়ি ঘৰলৈ উভতিবলগীয়া হয় । সম্প্রতি সংবাদ সংস্থা এএনআই-য়ে এটা ভিডিঅ’ প্রকাশ কৰিছে । এটোপাল খোৱা পানীৰ বাবে গাঁওবাসীসকলে কিমান যুঁজ দিবলগীয়া হয়, সেই ছবি প্রকাশ্যত আহিছে ।

ভিডিঅ’টোত দেখা গৈছে, প্রায় ৩০ ফুট গভীৰ এটা প্রায় শুকান কুঁৱাৰ ভিতৰত নামিছে এজন ব্যক্তি । এজন ব্যক্তিয়ে এটা পাত্ৰ লৈ পানী তুলিবলৈ কুঁৱাত নামি গৈছে । কু‌ঁৱাৰ কাষত ৰৈ থকা গাঁওবাসীয়ে সেই পানী সংগ্রহ কৰি চেকি লৈ কলহত ভৰাইছে । প্ৰতিগৰাকী মহিলাই দুই-তিনিটা কলহ একেলগে লৈ যোৱা দেখা গৈছে । এয়া প্রতি দিনৰ কাহিনী । এই কাৰ্যপ্ৰণালীৰ কোনো দিনে ব্যতিক্ৰম নহয় ।

কিছু সপ্তাহ আগতেই মুখ্যমন্ত্রীৰ দপ্তৰৰ পৰা এক বিবৃতি জাৰি কৰি জলসংকটৰ কথা দাঙি ধৰা হৈছিল । চৰকাৰে জনাইছিল, মাত্র ৩৭ শতাংশ জল সঞ্চিত আছে ৰাজ্যত ।

Exit mobile version