অচিৰে নোটত প্ৰত্যক্ষ হ’ব পাৰে ৰবীন্দ্ৰনাথ-কালামৰ ছবি

In a first RBI considers using images of Rabindranath Tagore APJ

অচিৰে আপুনি ভাৰতীয় নোটত প্ৰত্যক্ষ কৰিব পাৰে দেশৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি প্ৰয়াত এ পি জে আব্দুল কালাম আৰু বিখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো । বৰ্তমানলৈকে ভাৰতত নোটত কেৱল জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো ছপা কৰি ৰখা হৈছে । আগন্তুক দিনত ভাৰতীয় নোটত গান্ধীৰ লগতে বিশিষ্ট বিজ্ঞানী প্ৰাক্তন ৰাষ্ট্ৰপতি কালাম আৰু ন’বেলজয়ী সাহিত্যিক ৰবীন্দ্ৰনাথৰ ফটো প্ৰত্যক্ষ হ’ব পাৰে ।

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অচিৰে ভাৰতীয় টকাৰ নোটত গান্ধীৰ লগতে স্থান লাভ কৰিব পাৰে কালাম আৰু ৰবীন্দ্ৰনাথৰ ফটোৱে ।

প্ৰতিবেদনটোত লগতে প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)-এ ইতিমধ্যে একাংশ বেংক নোটত কালাম আৰু ৰবীন্দ্ৰনাথৰ ৱাটাৰমাৰ্ক ব্যৱহাৰৰ কথা চিন্তা-চৰ্চা কৰিছে ।

প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ নোটত গান্ধীৰ লগতে আন বিখ্যাত ব্যক্তিৰ ফটোক ৱাটাৰমাৰ্ক হিচাপে ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰিছে ।

উল্লেখ্য যে আমেৰিকাত বিভিন্ন মূল্যৰ ডলাৰৰ নোটত জৰ্জ ৱাশ্বিংটন, বেঞ্জামিন ফ্ৰেংকলিন, থমাছ জেফাৰছন, এন্দ্ৰিউ জেকছন, আলেকজেণ্ডাৰ হেমিল্টন আৰু আব্ৰাহম লিংকনসহ ১৯ শতিকাৰ একাংশ ৰাষ্ট্ৰপতিৰ ফটো ব্যৱহাৰ কৰা হয় ।

Exit mobile version