এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শিহৰণকাৰী ঘটনা

টাৰ্ণেল খহি মাটিৰ চেপাত শ্ৰমিকৰ মৃত্যু, ফ'কলেন খান্দি উলিয়ালে মৃতদেহ

WhatsApp Image 2022 06 06 at 7.33.24 PM

আকৌ পুনৰ শিহৰণকাৰী ঘটনা সংঘটিত হ’ল এন এইচ পি চিৰ দ্বাৰা নিৰ্মীয়মান গেৰুকামুখৰ নামনি সোৱণশিৰি প্ৰকল্পত । জলবিদ্যুৎ প্ৰকল্পৰ দুই নং টাৰ্ণেলত কাম কৰি থকা অৱস্থাতে মাটি খহি চেপা খাই থিতাতে মৃত্যু শ্ৰমিকৰ ।

শ্ৰমিকে লিপ্ট লগাই ৱলেডিং কৰি থকা অৱস্থাতে খহিছিল মাটি । তাৰ পাছতে হাহাকাৰৰ সৃষ্টি হয় এন এইচ পি  কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ মাজত । ফ’কলেন আনি উলিয়াব লগা হ’ল  মৃত শ্ৰমিকক ।

মৃত শ্ৰমিকজন ধেমাজি মিংমাং পশ্চিম পাৰ্বতীপুৰ গাঁৱৰ নিৱাসী ফনীধৰ হাতীবৰুৱাৰ পুত্ৰ জিতু  হাতীবৰুৱা(২০) । জিতুৱে পুৱা আগৰ দৰে এন এইচ পি চিৰ পেটেল নামৰ কোম্পানীত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কাম কৰি থকা অৱস্থাতে দুপৰীয়া সংঘটিত হৈছিল ঘটনাটো ।

ইয়াৰ পাছতে আজি সুস্থ শৰীৰ বিপৰীতে ঘূৰি আহিল নিঠৰ মৃত দেহ । পিতৃ-মাতৃ, ভ্ৰাতৃ আৰু দুগৰাকী পত্নীৰ লগতে তিনিগৰাকী কণমাণিক এৰি থৈ গৈছে শ্ৰমিক জিতুৱে । এই ক্ষেত্ৰত  NHPCৰ কৰ্তৃপক্ষৰ চৰম গাফিলটিৰ বাবে শ্ৰমিকৰ মৃত্যু বুলি উল্লেখ কৰে ৰাইজে ।

উল্লেখ্য, পুঁজিপতি সমৰ্থিত বিজেপি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আগষ্টত জলবিদ্যুৎ প্ৰকল্পৰ এটা ভাগ বিদ্যুৎ বিতৰণৰ বাবে কাৰ্যক্ৰম কৰাৰ কথা । এই ক্ষেত্ৰত দিনে-নিশাই কামত লগাইছে শ্ৰমিকক । কিন্তু কিমান নিৰাপত্তাৰ মাজৰে কামত লগাইছে  শ্ৰমিকসকলক ? ইয়াক লৈ প্ৰশ্ন সচেতন মহলৰ ।

ইফালে, ইয়াৰ আগতেও টাৰ্ণেল আৰু পাৱাৰ হাউছত এনে ঘটনাত বহু শ্ৰমিকৰ মৃত্যু হয় যদিও পোহৰলৈ অহা নাছিল । সমান্তৰালকৈ আজি প্ৰকল্পটোত  পাৱাৰ হাউছৰ পৰা খহি পৰি দুগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয় । ইয়াৰ হিচাপ নাই আজিও বহু চৰ্চিত এন এইচ পি চিৰ কৰ্তৃপক্ষৰ ।

আনফালে, পৰিয়ালৰ একমাত্ৰ জীৱিকা গ্ৰহণ কৰি পো-পাল কৰা শ্ৰমিক জিতু হাতী বৰুৱাৰ মৃত্যুত অঞ্চলত শোঁকৰ ছা‍ঁ পৰে । ৰাইজে শ্ৰমিকগৰাকীক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে এন এইচ পি চিক ।

Exit mobile version