বিজেপি প্ৰাৰ্থী ৰিনা তেৰাংপীৰ ব্যৱহাৰত অসন্তুষ্ট হৈ ১২৩ পৰিয়ালৰ যোগদান কংগ্ৰেছত

কাৰ্বি পৰিষদৰ আমৰেং সমষ্টিত এপিএইছএলচি দলৰ উত্থান, বিজেপিত স্খলন, জয়লাভৰ সম্ভাৱনা কংগ্ৰেছৰ

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ অভিযান কাৰ্বি আংলঙত । সামৰণীৰ প্রাকক্ষণত বিজেপি প্ৰাৰ্থী পৱন কুমাৰ আৰু ৰিণা তেৰাংপীৰ হৈ খেৰণিৰ মাইলুত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনী প্ৰচাৰ চলায় । পৰিষদীয় সাত নম্বৰ কপিলী আৰু ন নম্বৰ আমৰেং সমষ্টিত শেহতীয়াকৈ বিৰোধীৰ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি । ফলস্বৰূপে মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ প্ৰচাৰত নামিবলগীয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।

ইতিমধ্যে দুয়োটা সমষ্টিতে বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আসন দখলৰ সম্ভাৱনা আৰু ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে । ইপিনে বিজেপিৰ বাঘা বাঘা নেতাই সমষ্টি দুটাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল । কিন্তু ইমানৰ পাছতো মুখ্যমন্ত্ৰী ডঃ বিশ্ব শৰ্মাক প্ৰাৰ্থীদ্বয়ে নিজৰ বিশ্বাসত ল’ব নোৱাৰি অথবা মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানত সন্তুষ্ট নাথাকি শেহতীয়া প্ৰাৰ্থীদ্বয়ৰ স’তে একেটা মেৰুত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়মন্ত্ৰী সোনোৱালৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ আন এক অন্যতম শক্তি থকাৰ কথা প্ৰমাণিত কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা চলাইছে ৰিণা তেৰাংপি আৰু পৱন কুমাৰে ।

উল্লেখ্য যে প্ৰচাৰ অভিযানৰ সামৰণীৰ প্রাকক্ষণত নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ হৈ পৰিছিল কাৰ্বি পাহাৰত । কাৰ্বি আংলঙত প্রচাৰ অভিযানৰ অন্তিম মুহূৰ্তলৈকে অব্যাহত আছিল দল বাগৰাৰ ৰাজনীতি । পশ্চিম কাৰ্বি আংলং জিলাৰ ন নং আমৰেঙ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিনা তেৰাংপীৰ ব্যৱহাৰত অসন্তুষ্ট হৈ আনকি ১২৩ পৰিয়ালে বিজেপি এৰি কংগ্ৰেছ দলত যোগদান কৰিছিল ।

দেওবাৰে নিশা দয়াংমুখত অনুষ্ঠিত হোৱা বিজেপিৰ এখন প্ৰচাৰ সভাত এজন যুৱকক দুৰ্ব্যৱহাৰ কৰাত অসন্তুষ্ট হৈ অঞ্চলটোৰ অৰ্থাৎ দয়াংমুখৰ সাপ্তাহিক বজাৰৰ ১২৩ টা পৰিয়ালে নিশাটোৰ ভিতৰতে ৰিণা তেৰাংপি মুর্দাবাদ ধ্বনিৰে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল আৰু ইয়াৰ পাছতেই কংগ্ৰেছ প্ৰাৰ্থী এলিচ ইংতিপীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছিল দলত অন্তৰ্ভুক্ত হোৱা লোকসকলক । এক কথাত ক’বলৈ গ’লে কাৰ্বি পৰিষদৰ আমৰেং সমষ্টিত এপিএইছএলচি দলৰ উত্থান, বিজেপিত স্খলন, জয়লাভৰ সম্ভাৱনা অধিক হৈ পৰিছে কংগ্ৰেছৰ । কাৰণ, আমৰেং সমষ্টিৰ অধিকাংশ ৰাইজৰ পৰা জানিব পৰা গৈছে যে বিজেপি প্ৰাৰ্থী ৰিণা তেৰাংপীয়ে আমৰেং সমষ্টিটোৰ ৱাংপুং, ছাৰ-উচা, লুমচাজেৰ, উমখৃমী, লুমুজেন, কমা-আংলং, লাংকেৰই, লাংতুকথেপি, খাচী গাঁওসমূহৰ লগতে ৰংপাংবং, তাপাত আদি অঞ্চলত বিগত সময়ছোৱাত ৰাইজৰ খৱৰ লবলৈ যোৱাটো দূৰৰে কথা নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ চলেৰেও কাষ নাচাপিল উল্লেখিত গাঁওবাসীৰ ওচৰত ।

পৰিপ্ৰেক্ষিতত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ বিপৰীতে আমৰেং সমষ্টিত বিগত এবছৰ ধৰি বাঁহ ব্যৱসায় কৰিবলৈ যোৱা বৰ্তমানৰ এপিএইছএলচি-ৰ প্ৰাৰ্থীৰ ধনেশ্বৰ ৰংফাৰে সমষ্টিটোৰ বিভিন্ন ঠাইত গাঁও সংযোগী বাট পথ নিৰ্মাণ কৰি ৰাইজৰ মন জয় কৰাৰ লগতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে । আৰু ৰাইজৰ বিপুল সঁহাৰি লাভেৰে সমষ্টিটোত ধনেশ্বৰ ৰংফাৰে এপিএইছএলচি দলৰ উত্থান ঘটাইছে ।

ইপিনে, সমষ্টিটোৰ বিজেপি নেতা, কৰ্মকৰ্তাৰ স’তে ৰিণা তেৰাংপিৰ সুসম্পৰ্ক, কথোপকথন, ভাৱ বিনিময়, যোগাযোগ নথকাৰ বিষয়টোৱেও অন্যতম বিষয় হিচাপে চৰ্চা লাভ কৰিছে আমৰেং বিজেপি মহলত । গুৰুত্বপূৰ্ণ যে ৰিণা তেৰাংপীৰ অহমিকা, দুৰ্ব্যৱহাৰ, অৱহেলা, সদিচ্ছাৰ অভাৱ আদিয়ে আমৰেং সমষ্টিত ক্ৰমান্নয়ে বিজেপিৰ দুৰ্গত স্খলন ঘটাইছে । যাৰ পৰিপ্ৰেক্ষিতত সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মতামত আৰু প্ৰচাৰ অভিযানৰ ছবি সমূহে কংগ্ৰেছ দলৰ জয়ী হোৱাৰ ইংগিত দিছে অৰ্থাৎ এতিয়া জয়লাভৰ সম্ভাৱনা অধিক হৈ পৰিছে আমৰেং সমষ্টিত কংগ্ৰেছৰ ।

Exit mobile version