মই কোনো প্ৰবীন বড়োক চিনি নাপাওঁ, মেল্লা প্ৰবীণ বড়ো আছে : হাগ্ৰামা মহিলাৰী

বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৰ দলত্যাগ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ মন্তব্য

WhatsApp Image 2022 06 06 at 7.14.53 PM 1

কোনো প্ৰবীণ বড়োক মই চিনি নাপাওঁ, মেল্লা প্ৰবীন বড়ো আছে ৷ বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৰ বিপিএফ দল ত্যাগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি বাগসাৰ শালবাৰীৰ শিমলাস্থিত বিপিএফৰ কাৰ্যালয়ত এই মন্তব্য কৰে দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ তেওঁ কয় যে এতিয়া ইয়াত নিৰ্বাচনৰ সময়, কোনো প্ৰবীন বড়োৰ কথা বা কোনে কি কৰিছে কি কৰা নাই সেয়া মই আলোচনা কৰিব অহা নাই, মই নিৰ্বাচনৰ কথাহে পাতিম আপোনালোকৰ লগত ৷ মই টকা-পইচা নোহোৱা মানুহ ৷ প্ৰমোদ বড়োৰ দৰে মই হেজাৰ হেজাৰ মানুহ লৈ মিটিং কৰিব পৰা নাই ৷ মই গাঁৱে গাঁৱে ঘূৰি সৰু সৰু মিটিং কৰি ৰাইজৰ ওচৰত গৈছো ৷

উল্লেখযোগ্য যে বিটিচিৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ আজি সন্ধিয়া পাঁচ বজাত নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে বিপিএফৰ সভাপতি মহিলাৰীয়ে শিমলাত আন কেতবোৰ মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ৷ তেওঁ কয়, “ককলাবৰীত নিৰ্বাচন সংক্ৰান্তত বিগত ৩০ মে’ৰ পৰা আজিলৈ ৰাইজৰ মাজত ঘূৰিছো জেনেৰেল ভোটাৰ হওক ট্ৰাইবেল ভোটাৰ হওক, বিপিএফেই নিৰ্বাচনত জিকিব বুলি মই আশাবাদী ৷”

আনহাতে, মূলতঃ নিৰ্বাচনী যুঁজখন বিপিএফ আৰু ইউপিপিএলৰ মাজতে হ’ব বুলিও কৈ কোন দলে কি কৰিছে সেয়া ৰাইজে দেখা পাইছে বুলি কোৱাৰ উপৰি ২২/২৫ হেজাৰ ভোট পালে বিপিএফে জিকিব । বিপিএফক জিকাৰ ক্ষেত্ৰত ককলাবাৰীৰ সকলো শ্ৰেণীৰ ভোটাৰ ৰাইজে সহায় কৰিব বুলি কয় তেওঁ ৷

ইফালে, ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফে মন্ত্ৰীত্বৰ বাবে দাবী কৰিছে, কিন্তু সেই বিষয়টো মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব ৷ উল্লেখযোগ্য প্ৰমোদ বড়োৰ চৰকাৰ পাঁচ বছৰ নাযায় বুলি কৈ পৰৱৰ্তী সময়ত বিটিচিত বিপিএফেই চৰকাৰ গঠন কৰিব বুলি বিশ্বাস থকাৰ কথা উল্লেখ কৰে বিপিএফৰ সভাপতিগৰাকীয়ে ৷

Exit mobile version