১২ জুনৰ পাছত বিপিএফ দলটোৱেই নাথাকিব, বিধায়ক-এমচিএলএ সকলো ভিন্ন দিশলৈ গতি কৰিব : ৰৌণগৌৰা নাৰ্জাৰীৰ বিস্ফোৰক মন্তব্য

অস্তিত্বৰ সংকটত ভুগা বিপিএফ দলে ৰাইজৰ মাজত বিভ্ৰান্তমূলক কথা কৈ আছে : বিজেপিৰ ইএম অৰূপ দে

WhatsApp Image 2022 06 06 at 7.30.09 PM

ককলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ ১২ জুনত ফলাফলৰ পাছতেই হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলটোৱেই নাথাকিব । বিপিএফৰ ১১ গৰাকী এমচিএলএ আৰু বিধায়ক সকলেও বিপিএফ এৰি বিভিন্ন দিশলৈ গতি কৰিব । ককলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনত ইউপিপিএল, বিজেপি, জিএছপিৰ সন্মিলিত প্ৰাৰ্থী মণ্টু বড়োৱে ৫০ হেজাৰ ভোট লাভ কৰি জয়ী নিশ্চিত ।বিপিএফ দলে ককলাবাৰীত জয়ৰ বাবে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই । মাত্ৰ দলীয় প্ৰতীকটোহে দেখুৱাইছে । ককলাবাৰীৰ উপ নিৰ্বাচনত ৰাইজে উন্নয়ন, শান্তি, সমন্বয়ৰ স্বাৰ্থতেই ইউপিপিএলৰ মনোনীত তথা ইউপিপিএল, বিজেপি, জিএছপিৰ সন্মিলিত প্ৰাৰ্থী মণ্টু বড়োক ভোট দিব । এইদৰে কয় ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে আজি ককলাবাৰী সমষ্টিৰ শিমলাস্থিত ইউপিপিএলৰ মনোনীত তথা ইউপিপিএল, বিজেপি, জিএছপিৰ সন্মিলিত প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত ৷

ৰৌণগৌৰা নাৰ্জাৰীয়ে সংবাদমেলত বিপিএফক চোকা সমালোচনা কৰি কয় যে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত চৰকাৰ গঠন কৰিব বুলি একাধিকবাৰ ঘোষণা কৰি থকাটো হাস্যকৰ । কাৰণ, এফালে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ এজনৰ পাছত এজনকৈ নেতা, এমচিএলএ দল ত্যাগ কৰি আছে, আনফালে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰি আছে । হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে কেতিয়াও বিটিআৰত চৰকাৰ গঠন কৰিব নোৱাৰে ৷

সংবাদমেলত বিটিআৰৰ বিজেপি দলৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে বিপিএফক চোকা সমালোচনা কৰি কয় যে বিপিএফ দলৰ লগতে হাগ্ৰামা মহিলাৰীক বিটিআৰৰ ৰাইজে কেতিয়াবাই বিদায় দিছে ।বিটিআৰৰ ৰাইজৰ অন্তৰৰ পৰা বহু আঁতৰত বিপিএফ দল, হাগ্ৰামা মহিলাৰী ৷ অস্তিত্বহীন বিপিএফ আৰু হাগ্ৰামাই বিটিআৰত চৰকাৰ গঠন কৰিম বুলি বিভ্ৰান্তিমূলক বক্তব্য দি ফুৰিছে ৰাইজৰ মাজত ৷

সংবাদমেলত জিএছপিৰ উপ সভাপতি শৈলেন গোস্বামীয়েও বিপিএফৰ মুৰব্বী মহিলাৰীক চোকা সমালোচনা কৰি বক্তব্য প্ৰদান কৰাৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, ইউপিপিএলৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, বিজেপি নেতা ৰাম দাহালো উপস্থিত থাকে ।

Exit mobile version