নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কাৰ্বি পাহাৰত

1630264399 30nblhimanta 5col

নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কাৰ্বি পাহাৰত । বিজেপি প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথান প্ৰচাৰ অভিযান অব্যাহত । আজিৰ দিনটোত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জেৰিকীণ্ডিঙত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ।

বিজেপি প্ৰাৰ্থী  ৰিণা তেৰাংপিৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় । প্ৰচাৰ সভাৰ যোগেদি বিৰোধী পক্ষৰ প্ৰায় তিনি শতাধিক লোকে বিজেপিত যোগদান কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ছয়/ন মাহৰ ভিতৰত খেৰণি-জেৰিকীণ্ডিং পথ নিৰ্মাণ, উমটাং আৰু আমৰেঙত দুখন পকী দলং নিৰ্মাণেৰে সমস্যা সমাধান, আন্তঃৰাজ্য সীমা সমস্যা সমাধান, মাইলু আৰু জেৰিকীণ্ডিং হাই স্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰ্যবসিত কৰিব বুলি প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় ।

লগতে টৰ্চৰ ছবি লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা এপিএইছএলচি দল আৰু কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি টৰ্চ আছে বেটাৰী নাই, হাত আছে কাম নাই বুলি তাচ্ছিল্যসূচক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই । আনহাতে, পদুম ফুলৰ পাহি পাহি, ৰিণাক ভোট দিম হাঁহি হাঁহি বুলি কৈ উপস্থিত ৰাইজক পদুম ফুলৰ ছবিত ভোট দি কাৰ্বি পৰিষদীয় ন নম্বৰ সমষ্টিৰ পৰা ৰিণা তেৰাংপিক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version