Google : ৰাজনীতিবিদৰ ‘মানহানি’ কৰি বিপদত গুগল ! চাৰি কোটি টকা ক্ষতিপূৰণ দিবলৈ নির্দেশ আদালতৰ

Google building scaled 1

ইউটিউবত এজন উচ্চপদস্থ ৰাজনীতিবিদৰ বিৰুদ্ধে ‘অপপ্রচাৰ’ চলাই তেওঁৰ ৰাজনৈতিক জীৱন ধ্বংস কৰিছে গুগলে ! অষ্ট্রেলিয়াৰ এটা আদালতে সেই ‘অপৰাধৰ’ শাস্তি দিলে গুগলক । আদালতৰ নির্দেশ, এই ৰাজনীতিবিদজনক পাঁচ লাখ ১৫ হেজাৰ ডলাৰ ক্ষতিপূৰণ দিব লাগিব । কাৰণ আদালতৰ মতে, গুগলৰ অদূৰদর্শিতাৰ বাবে এই ৰাজনৈতিক নেতাক সময়ৰ আগতে তেওঁৰ কেৰিয়াৰত ইতি টানিবলগীয়া হৈছে ।

অষ্ট্ৰেলিয়াৰ এই ৰাজনীতিবিদজনৰ নাম জন বাৰিলাৰো । তেওঁ অষ্ট্ৰেলিয়াৰ সৰ্বাধিক জনবহুল প্রদেশ নিউ চাউ ৱেলছৰ উপ-প্রধান । অষ্ট্ৰেলিয়াৰ আদালতে জনাইছে, জনক আক্রমণ কৰি ইউটিউবত দুটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল এজন ৰাজনৈতিক ধাৰাভাষ্যকাৰে । সেই ভিডিঅ’ দুটা ইউটিউবত আঠ লক্ষবাৰ দৰ্শন হৈছে । ভিডিঅ’ দুটাৰ পৰা লক্ষাধিক ডলাৰ উপাৰ্জন কৰিছে ইউটিউবে, যাৰ মালিকীস্বত্ব গুগলৰ ।

অষ্ট্ৰেলিয়াৰ এই আদালতৰ বিচাৰপতিয়ে ভিডিঅ’ দুটাৰ প্ৰসংগত কয়, যিদৰে ভিডিঅ’বোৰত অষ্ট্ৰেলিয়াৰ ৰাজনীতিকক আক্রমণ কৰা হৈছে সেয়া হিংসাত্মক প্রচাৰ বুলিলেও কম নহয় । আদালতৰ বক্তব্য, কোনো প্রমাণ নোহোৱাকৈ এনে সন্মানহানি কৰা আৰু অপপ্রচাৰ চলোৱাৰ ক্ষতিপূৰণ গুগলে দিব‌ লাগিব ।

ইউটিউবত ৰাজনৈতিক ধাৰাভাষ্যকাৰ জর্ডন ছেংকে প’ষ্ট কৰা এই দুই ভিডিঅ’ত ৰাজনীতিবিদ জনক এজন দুর্নীতিবাজ, ৰাজনীতিবিদ কোৱাৰ লগতে, তেওঁৰ চাৰিত্রিক সততা লৈও প্রশ্ন তোলা হৈছিল । আনকি, তেওঁক বৈষম্যবাদী বুলিও মন্তব্য কৰা হয় । ২০২০ৰ এই ভিডিঅ’ দুটাৰ ফলত ২০২১ৰ অক্টোবৰত, নির্দিষ্ট সময়ৰ আগতেই ৰাজনীতি ত্যাগ কৰিবলৈ বাধ্য হয় জন ।

Exit mobile version