পঞ্চম স্থানেৰে দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাণজিৎ বৰদলৈয়ে

দৰিদ্ৰ পৰিয়ালৰ প্ৰাণজিতৰ সু-চিকিৎসক হোৱাৰ মন

20220607 145933

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ প্ৰাণজিৎ বৰদলৈয়ে পঞ্চম স্থান অধিকাৰ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিছে । সৰাবাৰী-বৰমপুৰ গাঁও নিবসী দৰিদ্ৰ পৰিয়াল বীৰেশ্বৰ বৰদলৈ আৰু নিৰুপমা দেৱীৰ পুত্ৰ প্ৰাণজিৎ বৰদলৈয়ে অসমীয়াত ১০০, ইংৰাজীত ১০০, গনিতত ১০০, বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৬ আৰু ঐচ্ছিক গনিতত ১০০ সহ মুঠ ৫৯৩ নম্বৰে পঞ্চম স্থান লাভ কৰে ।

ADVERTISEMENT

ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য বান্ধি লোৱা কৃতি ছাত্ৰ প্ৰাণজিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দৈনিক আঠ-১০ ঘন্টাকৈ অধ্যয়ন কৰিছিল । ঘৰুৱা শিক্ষক নোহোৱাকৈ এটি সৰু প্ৰজাত অধ্যয়ন কৰা ছাত্ৰজনৰ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ, জ্যেষ্ঠ ভগ্নী মানসী বৰদলৈৰ লগতে নগাঁও আঞ্চলিক হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ, আত্মীয় কূটুম্ব আৰু ওচৰ চুবুৰীয়াৰ অনুপ্ৰেৰণাৰ কথা উল্লেখ কৰে ছাত্ৰজনে ।

প্ৰাণজিতৰ এই সাফল্যত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে নগাঁও আঞ্চলিক হাইস্কুলৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ পশ্চিম দৰংবাসী ৰাইজ । ফলাফলৰ, পাছতেই প্ৰাণজিতক লৈ শিক্ষানুষ্ঠানৰ পৰা আতচবাজী-ফটকাৰে আবতৰীয়া দীপাৱলিৰ সৃষ্টি কৰি শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী,অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ আৰু স্থানীয় ৰাইজে এটি দীঘলীয়া শোভাযাত্ৰা কৰে ।

Exit mobile version