‘মুছে ৱালাৰ দৰে অৱস্থা হ’ব’, ছলমানৰ পাছত এইবাৰ হুমকি কংগ্রেছ সাংসদক

1654600609 bittu

ছলমান খানৰ পাছত এইবাৰ হত্যাৰ ভাবুকি দিলে লুধিয়ানাৰ কংগ্রেছ সাংসদ ৰবনীত সিং বিট্টুক । মঙলবাৰে হোৱাটছ‌এপ্ কলত বিট্টুক হুমকি দিয়া হয়, প্রয়াত পঞ্জাৱী গায়ক তথা দলীয় নেতা মুছে ৱালাৰ দৰেই অৱস্থা হ’ব তেওঁৰ । সংবাদমাধ্যমক এই দাবী কৰিছে সাংসদৰ নিৰাপত্তাৰক্ষীসকলে ।

পঞ্জাৱৰ লুধিয়ানা লোকসভা কেন্দ্রৰ সাংসদ বিট্টুৰ দৰেই হত্যাৰ হুমকি দিয়া হৈছে বলিউড অভিনেতা ছলমান খান আৰু তেওঁৰ পিতৃ তথা চিত্রনাট্যকাল ছেলিম খানে । দেওবাৰে মুম্বাইৰ চহৰতলি বান্দ্রাৰ বাছষ্টেণ্ড অঞ্চলত এখন পত্ৰ উদ্ধাৰ কৰে ছলমানৰ নিৰাপত্তাৰক্ষীসকলে । তাত লিখা আছিল, ‘ছেলিম খান আৰু ছলমান খানৰ অতি শীঘ্রে মুছে ৱালাৰ দৰে (অৱস্থা) হ’ব আপোনালোকৰ ।’

এই ঘটনাত অজ্ঞাত ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । ছলমান আৰু ছেলিমক উদ্দেশ্যি লিখা পত্ৰত ‘জি বি’ আৰু ‘এল বি’— এই দুটা আদ্যক্ষৰ লিখা আছিল । তদন্তকাৰীসকলৰ অনুমান, ইয়াত গেংষ্টাৰ লৰেন্স বিষ্ণ‌ই জড়িত হৈ আছে । যদিও এই ঘটনাত জড়িত থকাৰ অভিযোগ অস্বীকাৰ কৰিছে বিষ্ণয়ে ।

প্রসংগত, ২৯ মে’ দেওবাৰে পঞ্জাৱৰ বার্নালাত এজন আত্মীয়ৰ ঘৰত যোৱাৰ পথত আঠ-১০ জন দুষ্কৃতীকাৰীৰ গুলীত নিহত হয় মুছে ৱালা ওৰফে শুভদীপ সিং সিধু । এই হত্যাকাণ্ডৰ কৰা বুলি স‌বীকাৰ কৰিছে দিল্লীৰ তিহাড় জেলবন্দী লৰেন্স বিষ্ণেই আৰু কানাডা প্রবাসী গোল্ডি ব্রাৰ নামে দুই গেংষ্টাৰে ।

Exit mobile version