হাইমাদ্ৰাছা পৰীক্ষাত তেজপুৰৰ মেধাবী মুছাফিৰৰ প্ৰথম স্থান অৰ্জন

IMG 20220607 WA0014

মঙলবাৰে ঘোষিত ২০২২ৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অৰ্জন কৰিছে তেজপুৰৰ ভোজখোৱা চাপৰিস্থিত ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আল-কাউচাৰ মডেল অকাডেমীৰ ছাত্ৰ মুছাফিৰ আল হাচানে ৷ ২০০১ত ভিতৰুৱা অঞ্চল ভোজখোৱা চাপৰিত প্ৰতিষ্ঠিত আল-কাউচাৰ একাডেমিৰ পৰা আজি দ্বিতীয়বাৰলৈ  প্ৰথম স্থান প্ৰাপ্তিত বিদ্যালয়খনত এক আনন্দময় পৰিৱেশে বিৰাজ কৰে ৷

তেজপুৰ ভোজখোৱাৰ বাসিন্দা জাকিৰ হুছেইন আৰু মুৰ্চিদা বেগমৰ জ্যেষ্ঠ পুত্ৰ মুছাফিৰৰ সফলতাত বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলোৱাৰ হুছেইন প্ৰমুখ্যে বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৰে মাজত আনন্দই বিৰাজ কৰে ৷

ইংৰাজী আৰু গণিতত ঘৰুৱা শিক্ষকৰ সহায় লোৱাৰ বাহিৰে দৈনিক ১১-১২ ঘন্টাকৈ নিয়মীতভাৱে পঢ়া মুছাফিৰে ক্ৰিকেট খেলি ভালপোৱাৰ লগতে সংগীততো বিশেষ ধাউতি আছে৷আনহাতে সৰুৰে পৰাই আশা মহাকাশ বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা মেধাবী মুছাফিৰে আজমল ফাউণ্ডেচনত বিজ্ঞান শাখাত নামভৰ্তি কৰিব ৷ প্ৰধান শিক্ষক মহমদ দিলোৱাৰ হুছেইনৰ উৎসাহ উল্লেখযোগ্য বুলি উল্লেখ কৰি মুছাফিৰক তেওঁ  আৰম্ভণিৰ পৰাই  উৎসাহ যোগাই আহিছিল ৷

উল্লেখ্য যে, তেওঁ মুঠ ৫৫৬ নম্বৰ লাভ কৰিছে ৷ মুছাফিৰৰ পিতৃ এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ মাতৃয়ে যথেষ্ট আাশা কৰিছিল তেওঁৰ পুত্ৰই এই সাফল্য লাভ কৰিব বুলি ৷ আনহাতে, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সাফল্য লাভ কৰা ছাত্ৰজনক অভিনন্দন জনায় ৷

Exit mobile version