হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল মৃদুপৱণ কলিতাৰ

WhatsApp Image 2022 06 07 at 5.02.32 PM

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা । তৃতীয় স্থান দখলেৰে খেৰণি ডনবক্স স্কুলৰ লগতে পশ্চিম কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে মৃদুপৱণ কলিতাই ।

প্ৰয়াত শিক্ষক তৰুণ চন্দ্ৰ কলিতা আৰু শিক্ষয়ত্ৰী মিৰা বৰুৱা কলিতাৰ কণিষ্ঠ পুত্ৰ মৃদুপৱণ কলিতাই সাতটা বিষয়ত লেটাৰসহ মুঠ ৫৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

৯৯.১৬ শতাংশ লাভ কৰিবলৈ সক্ষম হোৱা মৃদুপৱনে ভৱিষ্যতে অভিযন্তা হোৱাৰ বাবে তেওঁৰ প্ৰথম লক্ষ্য হিচাপে লৈছে । মৃদুপৱনে অধ্যয়নৰ লগতে চিত্ৰ আৰু বেডমিণ্টন খেলি ভাল পায় । ফলাফলক লৈ স্কুল কৰ্তৃপক্ষৰ লগতে মাতৃ, অঞ্চলবাসী আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছে ।

Exit mobile version