Acne Cure Tips : ব্রণৰ সমস্যাত ভুগিছে ?

শীঘ্ৰে সমাধান পাবলৈ গৰমৰ কোনবিধ ফলত ভৰসা ৰাখিব

Everything you need to know about acne prone skin 1 0 1

ব্রণৰ সমস্যা হৈছে নেকি ? পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত ব্রণৰ সমস্যা অধিক দেখা যায় । ব্রণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ বহুতেই নানান ধৰণৰ চেষ্টা চলায় । বজাৰৰ প্রসাধনী ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰুৱা উপায়, একোৱে বাদ নপৰে । অথচ ব্রণৰ পৰা মুক্তি নাপায় । বিশেষকৈ গৰমত ব্রণৰ সমস্যা অধিক হয় ।

তৈলাক্ত ছালৰ ক্ষেত্রত ব্রণৰ সমস্যা অধিক বৃদ্ধি পায় । গৰমত ব্রণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভৰসা ৰাখক গৰমৰেই এবিধ ফলৰ ওপৰত । লিচু বহুতৰে প্ৰিয় । লিচু কেৱল তৃপ্তিৰ বাবে নহয়, ছালৰ যত্ন লোৱাটো সহায় কৰে ।

ছালৰ তৈলাক্ত ভাব দূৰ কৰি ছাল মসৃণ কৰি তোলে । ৰ’দৰ পৰা উভতি আহি লিচুৰ টুকুৰা মুখত ঘঁহি ল’লে ৰ’দত পোৰা দাগো নিমিষতে নোহোৱা হয় । লিচুত পানীৰ পৰিমাণ অধিক । ফলত ৰুক্ষ, শুষ্ক ছালৰ যত্নত অনায়াসে ব্যৱহাৰ কৰিব পাৰে লিচু ।

লিচুৰ ফেচপেকো তৈয়াৰ কৰিব পাৰে । লিচুৰ ৰসৰ স’তে কেঁচা গাখীৰ মিহলাই এটা মিশ্রণ তৈয়াৰ কৰি ল‌ওক । মিশ্রণটো ছালত লগাই কিছু সময় থৈ দিয়ক । শুকোৱাৰ পাছত ধুই পেলাওক । ৰূপচৰ্চাৰ এই লিচুৰ পেকটো আপুনি নিতৌ ব্যৱহাৰ কৰিব পাৰে । ছাল ভালে থাকিব । ব্রণৰ সমস্যাও কমিব ।

Exit mobile version