COVID-19 : পুনৰ ক’ভিড আতংক ! মহাৰাষ্ট্রত পাঁচ দিনত ৫০ শতাংশ বৃদ্ধি পালে আক্রান্তৰ সংখ্যা

istockphoto 1255767686 612x612 1

পুনৰ ক’ভিডে উদ্বেগ বৃদ্ধি কৰিছে । মহাৰাষ্ট্রত বিগত পাঁচ দিনত ৫০ শতাংশ বৃদ্ধি পালে কৰ’না আক্রান্তৰ সংখ্যা । উদ্ধৱ ঠাকৰেৰ ৰাজ্যত সোমবাৰে নতুনকৈ কৰ’না আক্রান্ত হৈছে ১,০৩৬ জন । যোৱা ২৬ ফেব্রুৱাৰীৰ পাছত যি সর্বোচ্চ । লগতে, কিছু সপ্তাহতে কৰ’না সংক্রামিতৰ দৈনিক গড় সংখ্যাই হেজাৰৰ ঘৰ স্পৰ্শ কৰিছে ।

কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে উচ্চ পর্যায়ৰ প্রশাসনিক বৈঠকত মিলিত হৈছিল মহাৰাষ্ট্র চৰকাৰ । নতুনকৈ বিধিনিষেধ আৰোপ কৰা হ’ব নে নাই, মাস্ক বাধ্যতামূলক কৰা হ’ব নে নাই ইত্যাদি বিষয়ত আলোচনা হয় । লগতে, কৰ’নাৰ ক্রমবর্ধমান ছবিৰ প্ৰতি লক্ষ্য ৰাখি হাস্পাতালসমূহৰ পৰিকাঠামোৰ বিষয়তো বৈঠকত আলোচনা হয় ।

অ’মিক্রনৰ বিএ.৪ আৰু বিএ.৫ ৰূপৰ বাবেই মহাৰাষ্ট্র তথা দেশত নতুনকৈ কৰ’না স্ফীতি হৈছে বুলি মত বিশেষজ্ঞসকলৰ । এই দুই ৰূপৰ তীব্র সংক্রামক শক্তিৰ ফলত দ্ৰুত ক’ভিড সংক্ৰমণ হৈছে বুলি অনুমান তেওঁলোকৰ ।

যদিও এই পর্যন্ত হাস্পাতালত ভর্তি কৰিবলগীয়া অৱস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জনাইছে উদ্ধৱ চৰকাৰে । মহাৰাষ্ট্রৰ মুঠ কৰ’না আক্রান্তৰ ৬৭.২৮ শতাংশই মুম্বাইৰ । ইয়াৰ উপৰি, ঠানে (১৭.১৭ শতাংশ), পুণে (৭.৪২ শতাংশ), ৰায়গঢ় (৩.৩৬ শতাংশ) আৰু পালঘৰৰ (২ শতাংশ) বাকী আক্রান্তসকল ।

মহাৰাষ্ট্র চৰকাৰে জনাইছে, এই পাঁচ জিলাত দৈনিক সংক্রমণৰ হাৰ তিনিৰ পৰা আঠ শতাংশৰ ভিতৰত আছে । এই পৰিপ্রেক্ষিতত মাস্ক পৰিধান কৰা আৱশ্যক কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে । প্রয়োজন হ’লে পুনৰ কৰ’না বিধিনিষেধ আৰম্ভ হ’ব পাৰে বুলি আভাস দিছে চৰকাৰে ।

Exit mobile version