Heat : উৎকত গৰমৰ সন্মুখীন হ’ব দিল্লীবাসী, জাৰি য়েল্ল’ এলার্ট

delhi heatwave 1654491063

তীব্র গৰমত অতিষ্ঠ দিল্লী । ঊর্ধ্বমুখী পাৰদে যেন প্রতিদিনেই নতুন অভিলেখ গঢ়িছে । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, আগন্তুক কিছুদিনলৈ এই তাপপ্রবাহ সহ্য কৰিব লাগিব দিল্লীবাসীয়ে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ কিছুসংখ্যক ঠাইত ‘ইয়েল্ল’ এলার্ট’ জৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । দিল্লীৰ উপৰিও গৰমৰ প্ৰকোপ ক্রমশ বাঢ়িছে হৰিয়ানা, পঞ্জাৱ, উত্তৰ প্রদেশ, ৰাজস্থানত ।

দিল্লী আৰু তাৰ সংলগ্ন অঞ্চলত উত্তাপ ক্রমশ ঊর্ধ্বমুখী । সফদৰজঙত অৱস্থিত বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, এই অঞ্চলত আজি সর্বোচ্চ তাপমাত্রা আছিল ৪৪.২ ডিগ্রী চেলচিয়াছ । সূত্রৰ খবৰ, আগন্তুক কিছু দিনত দিল্লীৰ সামগ্রিক তাপমাত্রা ৪৫ ডিগ্রী চেলচিয়াছ অতিক্ৰম কৰিব পাৰে । দিল্লীৰ মুংগেশপুৰৰ সর্বোচ্চ তাপমাত্রা আছিল সৰ্বাধিক ৪৭.৩ ডিগ্রী চেলচিয়াছ । দিল্লীৰ উষ্ণতম স্থানৰ তাপমাত্রা ৰাজস্থানৰ তাপমাত্রাক অতিক্ৰম কৰিছে বুলি অনুমান কৰিছে অনেকে ।

ইয়াৰ উপৰি স্প’র্টছ কমপ্লেক্স, নজফগঢ়, পিতামপুৰৰ সর্বোচ্চ তাপমাত্রাই ৪৬ ডিগ্রী চেলচিয়াছৰ ঘৰ অতিক্রম কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ‌ৰ বিজ্ঞানী আৰ কে জেনামনিয়ে স্পষ্ট কৰিছে যে, ১০ জুনৰ আগতে পৰিস্থতি উন্নতিৰ সম্ভাৱনা প্রায় নাই । দিল্লীবাসীক উদ্দেশ্যি তেওঁৰ সতর্কবার্তা, যি হাৰত গৰম বাঢ়িছে, ফলত যাৱতীয় সাৱধানতা অৱলম্বন কৰি বাহিৰত ওলোৱা উচিত ।

বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, অহা ১৫ জুনৰ ভিতৰত পূৱ ভাৰতত বাৰিষা আৰম্ভ হ’ব । ফলত উত্তৰ-পশ্চিম ভাৰতত প্রাক-বৰষাৰ ইংগিত পোৱা যাব । কিন্তু তাৰ আগৰ পর্যন্ত উৎকত গৰমৰ সন্মুখীন হ’ব দিল্লী আৰু তাৰ সংলগ্ন অঞ্চলৰ বাসিন্দাসকলে ।

তীব্র তাপপ্রবাহত অতিষ্ঠ ৰাজস্থান আৰু মধ্যপ্রদেশো । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, কালি মৰু ৰাজ্যৰ সৰ্বাধিক উষ্ণতম অঞ্চল আছিল শ্রীগংগানগৰ । তাত সর্বোচ্চ তাপমাত্রা ৪৬ ডিগ্রী চেলচিয়াছৰ অধিক আছিল । মধ্যপ্রদেশৰ বেচ কিছু অঞ্চলত কালিৰ পৰা তাপমাত্রা বাঢ়িবলৈ আৰম্ভ কৰিছে । এইসমূহ স্থানৰ তাপমাত্রা ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলচিয়াছৰ আশে-পাশে আছে । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, দুই/এদিনৰ ভিতৰত এই অগ্নিবাণৰ হাতৰ পৰা ৰেহাইৰ সম্ভাৱনা প্রায় নাই বুলিব পাৰি ।

বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, কেৰালাত নির্ধাৰিত সময়ৰ তিনিদিন আগতে বাৰিষা প্রৱেশ কৰিলেও, তাৰ গতি অত্যন্ত ধীৰ । বিগত কিছুদিনত ৰাজ্যৰ বিভিন্ন অঞ্চলত বৃষ্টিপাত হৈছে পাঁচ চেণ্টিমিটাৰৰ ওচৰা-ওচৰি । যি স্বাভাৱিকৰ তুলনাত প্রায় অর্ধেক । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ‌ৰ সূত্রে খবৰ, আগন্তুক এসপ্তাহৰ ভিতৰত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা নাই । অৱশ্যে কর্নাটকৰ কিছু অঞ্চলত বৃষ্টিপাতৰ সম্ভাৱনা আছে ।

Exit mobile version