Prophet remarks : পয়গম্বৰ মন্তব্যৰ বাবে দিল্লীসহ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণৰ সকীয়নি আল-কায়দাৰ

ayman al zawahiri al qaeda 0e1e321a a3da 11e9 88eb 6879d27b9db7 1654650666408

পয়গম্বৰ সন্দৰ্ভত মন্তব্যৰ ফলত এইবাৰ ৰাজধানী দিল্লীসহ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণৰ সকীয়নি দিলে আল-কায়দাই । পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ এই আক্ৰমণৰ কথা জনাইছে সন্ত্ৰাসবাদী সংগঠনটোৱে । দিল্লীসহ তেওঁলোকৰ তালিকাত আছে গুজৰাট, উত্তৰ প্রদেশ আৰু মুম্বাই ।

ইয়াক ‘পয়গম্বৰৰ সন্মান ৰক্ষার্থে যুঁজ’ বলি পত্ৰত উল্লেখ কৰি লিখা হৈছে, ‘যিয়ে আমাৰ নবীক অপমান কৰে তেওঁলোকক আমি শেষ কৰি দিম । তেওঁলোকক ধ্বংস কৰিবলৈ আমাৰ বা আমাৰ সন্তানৰ দেহত বিস্ফোৰক বান্ধি দিম । দিল্লী, মুম্বাই, গুজৰাট আৰু উত্তৰ প্রদেশত গেৰুৱা সন্ত্রাসবাদীসকলে অপেক্ষা কৰক তেওঁলোকৰ ধ্বংসৰ বাবে ।’

পয়গম্বৰ সন্দৰ্ভত বিজেপি নেতা-নেত্রীৰ মন্তব্যক লৈ অস্বস্তিত দেশ । এই মন্তব্যৰ প্রতিবাদত পুনৰ দেশসমূহে যিদৰে মাত মাতিছে ফলত বিপাকত মোদী চৰকাৰ । বিতর্কিত মন্তব্যৰ বাবে নূপুৰ শর্মা আৰু নবীনকুমাৰ জিন্দালক বিজেপিয়ে ‘শাস্তি’ দিয়ে যদিও বিতর্কৰ অন্ত পৰা নাই । প্রকাশ্যত ক্ষমা নিবিচাৰিলে কুৱেইটে ভাৰতক বয়কট কৰাৰ হুমকি দিছে । এনে পৰিস্থিতিত আল-কায়দাৰ হুমকিয়ে নতুনকৈ মোদী চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে ।

Exit mobile version