ISIS : ব্লেকব’র্ড এৰি বাছি লয় কালাশনিকভ ! আইএছ সন্ত্ৰাসবাদী শিক্ষয়িত্ৰীক ২০ বছৰৰ কাৰাবাস

1654764321 is

বিদ্যালয়ৰ শিক্ষিয়িত্ৰীৰ চাকৰি এৰি সটান সন্ত্ৰাস গোষ্ঠীৰ বেটেলিয়ন কমাণ্ডাৰ ! ব্লেকব’র্ড এৰি হাতত তুলি লয় কালাশনিকভ ৰাইফেল আৰু ৰকেট লঞ্চাৰ । ছিৰিয়াৰ আইএছ সন্ত্ৰাস গোষ্ঠীৰ সদস্যা এই আল্লিসন ফ্লুক এক্রেনক বুধবাৰে ২০ বছৰৰ কাৰাদণ্ড দিছে আমেৰিকাৰ এটা আদালতে ।

৪২ বছৰৰ এক্রেনৰ বিৰুদ্ধে আমেৰিকাৰ শিক্ষা প্রতিষ্ঠান আৰু শ্বপিং মলত আক্ৰমণৰ বাবে সন্ত্ৰাসবাদী নিয়োগৰ অভিযোগ প্রমাণিত হৈছে । আনকি, আমেৰিকা এৰি পশ্চিম এছিয়াত গৈ সন্ত্ৰাসবাদী দলত অন্তৰ্ভুক্ত হৈ এক্রেনে তেওঁৰ নিজৰ পুত্ৰৰ ‘নিৰাপত্তাৰ’ ভয় দেখুৱাই প্রাক্তন স্বামীৰ পৰা অর্থ আদায়ৰ চেষ্টা কৰে বুলিও অভিযোগ ।

ভার্জিনিয়াৰ আলেকজন্দ্রিয়া আদালতত শুনানিৰ সময়ত এক্রেনে স্বীকাৰ কৰে, ছিৰিয়াত আইএছৰ এটা মহিলা বেটেলিয়নৰ কমাণ্ডাৰ হিচাপে শতাধিক মহিলাক হিংসাত্মক ঘটনা সংঘটিত কৰাৰ প্রশিক্ষণ দিছে তেওঁ । আগ্নেয়াস্ত্র চলোৱা আৰু মানৱবোমা হোৱাৰ কৌশল শিকাইছে । কিন্তু কোনো শিশুক সন্ত্ৰাসবাদী হোৱাৰ প্রশিক্ষণ দিয়া নাই বুলি তেওঁৰ দাবী ।

২০১৪ত ছিৰিয়াত গৈ আইএছত যোগদান কৰাৰ পাছত এক্রেনৰ নতুন পৰিচয় হয়, উম্মে মহম্মদ আল-আমৰিকি ওৰফে উম্মে জাব্রিল । ২০১৬-ত পশ্চিম এছিয়াৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মহিলা বেটেলিয়নৰ দায়িত্ব পায় তেওঁ । অস্ত্র আৰু বিস্ফোৰক ব্যৱহাৰৰ প্রশিক্ষণৰ লগতে মহিলা ৰংৰুটৰ গাড়ী চলোৱা আৰু শাৰীৰিক সক্ষমতা বঢ়োৱাৰ শিক্ষা দিয়াৰ দায়িত্ব পায় তেওঁ। আনকি, ধর্মশিক্ষাও দিছিল !

কানছাছৰ এখন বিদ্যালয়ৰ প্রাক্তন শিক্ষয়িত্ৰীয়ে এক্রেনৰ বিৰুদ্ধে আমেৰিকাৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্রৰ অভিযোগত ২০১৯ত চার্জ গঠন কৰা হৈছিল । কিন্তু তেতিয়াও তেওঁ ছিৰিয়াত । পাছত তেওঁ ধৰা পৰে আৰু আমেৰিকালৈ উভতাই লৈ অনা হয় । যোৱা মঙলবাৰে হিংসাত্মক ঘটনাৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰে ভার্জিনিয়াৰ আদালতে । অহা ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এক্রেনৰ দুই দশকৰ কাৰাবাসৰ ম্যাদ ।

Exit mobile version