Presidential Election 2022 : কোন হ’ব ভাৰতৰ পৰৱর্তী ৰাষ্ট্রপতি ? আজি ঘোষণা হ’ব নির্বাচনৰ দিন

presidential palace

ভাৰতৰ পৰৱর্তী ৰাষ্ট্রপতি কোন হ’ব ? সেই নির্বাচনৰ দিন ঘোষণা হ’ব আজি । ভাৰতৰ নির্বাচন আয়োগে বৃহস্পতিবাৰে সন্ধিয়া দিন ঘোষণা কৰিব ।

সূত্রৰ খবৰ, বৃহস্পতিবাৰে সন্ধিয়া তিনি বজাত সাংবাদিক বৈঠক কৰি এই দিন ঘোষণা কৰা হ’ব । বর্তমানৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ পাঁচ বছৰৰ কাৰ্যকাল সমাপ্ত হ’ব চলিত বৰ্ষতে । চলিত বছৰৰ ২৫ জুলাইত শেষ হ’ব তেওঁৰ কাৰ্যকাল ।

ৰাষ্ট্রপতি নির্বাচন কেনেদৰে হয় ?

ভাৰতত ৰাষ্ট্রপতি নির্বাচনতো ভোটদান হয় । অৱশ্যে এই নিৰ্বাচনত সাধাৰণ নাগৰিকে ভোটদান নকৰে । ভোট দিয়ে সাধাৰণ নাগৰিকৰ দ্বাৰা নির্বাচিত জনপ্রতিনিধিসকলে । সংসদের দুই কক্ষৰ সদস্য, ৰাজ্যসমূহৰ বিধানসভাৰ সদস্য আৰু কেন্দ্রশাসিত অঞ্চলবোৰৰ নির্বাচিত সদস্যসকলে ভোট দি ৰাষ্ট্রপতি নির্বাচন কৰে ।

কোনে ভোটদান কৰিব নোৱাৰে ?

ৰাজ্যসভা, লোকসভাৰ মনোনীত সদস্য আৰু কোনো বিধান পৰিষদৰ মনোনীত সদস্য‌ই ৰাষ্ট্রপতি নির্বাচনত ভোট দিব নোৱাৰে ।

ইয়াৰ পূৰ্বে ২০১৭ত ৰাষ্ট্রপতি নির্বাচন হৈছিল । ১৭ জুলাইত নির্বাচন আৰু ২০ জুলাইত গণনা হৈছিল । তেতিয়াই ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছিল ৰামনাথ কোবিন্দ ।

Exit mobile version