Russia-Ukraine War : ৰাছিয়াৰ ৰেডিঅ’ ষ্টেচনত হঠাৎ বাজি উঠিল ইউক্রেইনৰ ৰাষ্ট্ৰীয় সংগীত, যুদ্ধবিৰোধী গীত

vladimir putin cancer treatment april 06

ৰাছিয়া-ইউক্রেইন যুদ্ধ অব্যাহত আছে । প্রায় প্রতিদিনেই দুই তৰফৰ পৰা নির্বিচাৰে বহুতে প্রাণ হেৰুৱাইছে । যুদ্ধক্ষেত্রৰ বাহিৰেও জাৰি আছে আন এক যুদ্ধ । পুনৰ হেক হ’ল ৰাছিয়াৰ এটা জনপ্রিয় ৰেডিঅ’ ষ্টেচন । হঠাৎ সেই চেনেলত বাজি উঠিল ইউক্রেইনৰ ৰাষ্ট্ৰীয় সংগীত, যুদ্ধবিৰোধী গীত । সম্প্ৰতি এই ঘটনাক কৰি ব্যাপক চাপৰ সৃষ্টি হৈছে ।

ৰাছিয়াত জনপ্রিয় ‘কোমেৰচান্ট এফএম ’। বুধবাৰে সেই ৰেডিঅ’ত বাজিছিল দুপৰীয়াৰ সংবাদ । কিন্তু হঠাৎ খবৰৰ পৰিৱৰ্তে ইউক্রেইনৰ ৰাষ্ট্ৰীয় সংগীত বাজিবলৈ লয় ।

এফএমৰ প্রধান সম্পাদক এলেক্সি ভৰ’বিয়ভে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছক কয়, ‘‘বুধবাৰে ৰেডিঅ’ৰ অনলাইন ষ্ট্ৰিম হেক হৈছিল । কিয় চাইবাৰ আক্ৰমণ কৰা হৈছে সেয়া পৰ্যবেক্ষণ কৰিছে প্রযুক্তিবিদসকলে ।’’

সূত্রৰ খবৰ, কেৱল ইউক্রেইনৰ ৰাষ্ট্ৰীয় সংগীতেই নহয়, হেক কৰি এই ৰেডিঅ’ত একাধিক যুদ্ধবিৰোধী গীতো বজোৱা হৈছে । ইয়াৰ ভিতৰত এটি গীত আছিল জনপ্রিয় ৰুছ বেণ্ড ‘নোগু ভেলো’ৰ ‘আই ড’ন্ট নিড আ ৱাৰ’ ।

কোমেৰচান্ট ৰেডিঅ’ৰ কর্ণধাৰ ৰুছ অলিগার্ক (ৰাছিয়াৰ ধনী আৰু ৰাজনৈতিকভাৱে অত্যন্ত প্রভাৱশালী ব্যক্তি) আলিশাৰ উছমানভ । যাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ বিশ্বস্ত হিচাপে অভিহিত কৰে পশ্চিমীয়া দেশসমূহে । ইউক্রেইনৰ ওপৰত আক্ৰমণৰ পাছত উছমানভৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকাই ।

ফেব্রুৱাৰীত আনুষ্ঠানিকভাৱে যুদ্ধ আৰম্ভ হয় যদিও, এই অঞ্চলৰ ৰাজনীতি সম্পর্কে সংশ্লিষ্ট মহলে কয়, সামাজিক মাধ্যমত ৰাছিয়া আৰু ইউক্রেইনে — ইটোৱে সিটোৰ ওপৰত ‘চাইবাৰ’ আক্ৰমণ চলোৱা নতুন বিষয় নহয় । ইউক্রেইনৰ বিভিন্ন সেৱাৰ ওপৰত চাইবাৰ আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ৰাছিয়াৰ বিৰুদ্ধে । পুনৰ ৰাছিয়াৰ বিভিন্ন সংবাদমাধ্যমত নিজৰ বার্তা প্রচাৰৰ ঘটনাও ঘটিছে ইউক্রেইনত ।

বিগত মে’তেই চেন্ট পিটাৰ্চবার্গৰ তিনিটা ৰেডিঅ’ ষ্টেচনত হঠাৎ ইউক্রেইনৰ ৰাষ্ট্ৰীয় সংগীত আৰু যুদ্ধবিৰোধী গীত বজোৱা হয় প্ৰায় দুঘণ্টাজুৰি । তাৰ পাছত এমাহ পাৰ হ’ল যদিও, পুনৰ হেকাৰৰ লক্ষ্য হ’ল ৰাছিয়াৰ এটা ৰেডিঅ’ ষ্টেচন ।

Exit mobile version