ডিমৰীয়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ আদৰ্শ অংগনবাড়ী, অমৃত সৰোবৰৰ কাম-কাজ পৰিদৰ্শন

20220610130015 086A7284

শোণিতপুৰ জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা মন্ত্ৰীসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা আৰু ঘূৰি অহা যাত্ৰা পথত জিলা/মহকুমাসমূহত চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছিল । সেই নিৰ্দেশমৰ্মে আজি জল সম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কামৰূপ জিলাৰ ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত মৰঙাবাৰী আৰু ভেৰকুছিত নিৰ্মীয়মান আদৰ্শ অংগনবাড়ী কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ।

কেন্দ্ৰ দুটাৰ লগতে অৱস্থিত প্ৰাথমিক বিদ্যালয় দুখনৰ কণ-কণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে । কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পঢ়া-শুনা কৰিবলৈ মৰমেৰে বুজনি দিয়াৰ লগতে তেওঁ শিক্ষক শিক্ষয়িত্ৰীসকলক শিশুসকলক নিজৰ ল’ৰা-ছোৱালী সদৃশ জ্ঞান কৰিবলৈ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কয় ।

২ নং কচুতলী গাঁৱৰ প্ৰস্তাৱিত অমৃত সৰোবৰৰ স্থান পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰে সমীপৱৰ্তী সোণাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় (এ) পৰিদৰ্শন কৰে আৰু বিদ্যালয়খনৰ সামগ্রিক আন্তঃগাঁথনিৰ বুজ লয় । মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়াসকলক তেওঁ জিলাখনৰ উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ন কৰিবলৈ আৰু আঁচনিসমূহ আৰু অধিক জনমুখী কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

সেই একেদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে শোণিতপুৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বাটত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰদলং অমৃত সৰোবৰৰ প্ৰস্তাৱিত স্থান, ২ নং কচুতলী অমৃত সৰোবৰৰ প্ৰস্তাৱিত স্থান আৰু ক্ষেত্ৰীৰ ভোগপুৰ নিৰ্মীয়মান আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো আজি পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে কাইলৈ শোণিতপুৰ জিলাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণ কৰা মন্ত্ৰীসকলে যাত্ৰাপথত (অহা/যোৱা) মৰিগাওঁ, নগাঁও, কলিয়াবৰ, শোণিতপুৰ, হোজাই, ভেৰগাঁও, ৰঙিয়া, তামুলপুৰ, ওদালগুৰি, কামৰূপ, মঙলদৈ, কামৰূপ মহানগৰ আদি জিলা/মহকুমাৰ বিভিন্ন কাম-কাজৰ বুজ লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ।

Exit mobile version