5 Years Of ‘Raabta : ‘ৰাবতা’ৰ পাঁচ বছৰ, বিশেষ প’ষ্টত সুশান্তক স্মৰণ কৃতিৰ

aa cover 4q9m0q6fe8petsdmr2i3pv6up2 20170423221230 1496988633

মুক্তিৰ পঞ্চম বর্ষ পূৰণ কৰিলে হিন্দী ছবি ‘ৰাবতা’ই (Raabta) । সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput) আৰু কৃতি ছাননে (Kriti Sanon) অভিনয় কৰিছিল ছবিখনত । আজি সুশান্ত নাই । ছবিৰ পঞ্চম বর্ষপূর্তিত সুশান্তৰ বাবে বিশেষ ভিডিঅ’ প’ষ্ট কৰিলে কৃতিয়ে ।

‘ৰাবতা’ৰ পাঁচ বছৰ

আজি সামাজিক মাধ্যমত এটা গীতৰ ভিডিঅ’ প’ষ্ট কৰে কৃতিয়ে । তাত তেওঁক ‘ৰাবতা’ ছবিৰ টাইটেল ট্রেক ‘কুচ তো হে তুঝছে ৰাবতা’ গোৱা শোনা যায় । অভিনেত্রীগৰাকীয়ে পৰিচালক দীনেশ বিজানক ধন্যবাদ জনায় । কেপছনত গীতৰ দুটি কলি উল্লেখ কৰি লিখে, ‘এইটো মোৰ বাবে বহুত স্পেচিয়েল । স্মৃতি বিজৰিত এখন ছবি । মোৰ অতি অন্তৰংগ এটা যাত্ৰা । সুশান্ত আৰু দিনু, তোমালোক দুজনৰ স’তে যাত্ৰা কৰিব পাই ম‌ই আপ্লুত ।’

ভিডিঅ’টো আপলোড কৰাৰ লগে লগে অনুৰাগীসকলৰ কমেন্ট অহা আৰম্ভ হয় । কোনো কোনোৱে তেওঁৰ গীতৰ প্রশংসা কৰে আৰু কোনো কোনোৱে সুশান্তক স্মৰণ কৰে ।

দীনেশ বিজান এই আবেগঘন ৰোমান্টিক ছবিখনৰ পৰিচালক আছিল । ২০১৭ৰ ন জুনত ছবিখন মুক্তি পায় ।

Exit mobile version