Nupur Sharma : নূপুৰ শর্মাৰ বিতর্কিত মন্তব্যৰ ফলত দিল্লীৰ জামা মছজিদত বিশাল জনসমাগম, গ্রেপ্তাৰীৰ দাবী

nationalherald 2022 06 b9055d25 ba60 49b6 9ccf 5f113fcbcf2e prophet

নিলম্বিত বিজেপি মুখপাত্র নূপুৰ শর্মা আৰু তেওঁৰ সহকর্মী নবীন জিন্দলৰ বিতর্কিত মন্তব্যৰ প্রতিবাদত পথত ওলাই আহিছে একাধিক সংগঠন । শুকুৰবাৰে নমাজৰ পাছত ৰাজধানী দিল্লীৰ জামা মছজিদৰ সন্মুখত বিশাল জনসমাগমত অভিযুক্ত বিজেপি নেতানেত্রীক গ্রেপ্তাৰ কৰাৰ দাবী উত্থাপিত হয় । একেই ধৰণৰ জনসমাগম হয় উত্তৰ প্রদেশৰ ছাহৰানপুৰ, কলকাতাৰ পার্ক ছার্কাছসহ দেশৰ বিভিন্ন ঠাইত ।

বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে জনাইছিল, তেওঁলোকে নূপুৰ আৰু নবীনসহ কে’বাজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । যদিও তেওঁলোক কোনোৱেই এতিয়াও গ্রেপ্তাৰ হোৱা নাই ।

প্রসংগত, এটা সংবাদমাধ্যমত বিজেপি মুখপাত্র নূপুৰৰ বিতর্কিত মন্তব্যৰ পৰিপ্রেক্ষিতত পুনৰ বিশ্বত ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতে । কাটাৰসহ একাধিক দেশৰ শ্বপিং মলত ভাৰতীয় পণ্য বিক্রী নিষিদ্ধ কৰা হৈছে । পশ্চিম এছিয়াত যি বিপুল সংখ্যক ভাৰতীয়‌ই কাম কৰে, তেওঁলোকো কাম হেৰুৱাৰ শংকাত ।

সংবাদ সংস্থা সূত্রে খবৰ, শুকুৰবাৰে নমাজৰ শেষত দিল্লীৰ জামা মছজিদৰ সন্মুখত নূপুৰ শর্মা আৰু নবীন জিন্দলৰ গ্রেপ্তাৰীৰ দাবী উত্থাপন কৰি বিশাল জনসমাগম হয় । জামা মছজিদৰ শ্বাহি ইমামে জনাইছে, তেওঁলোকৰ তৰফৰ পৰা কোনো অৱস্থানত বিক্ষোভৰ আহ্বান জনোৱা হোৱা নাই ।

তেওঁ কয়, ‘‘আমি নাজানো এয়া কোনে আৰম্ভ কৰিলে । নমাজ শেষ হোৱাৰ পাছতেই কিছু সংখ্যক লোকে শ্ল’গান দিয়া আৰম্ভ কৰে । তেওঁলোকৰ লগত আৰু মানুহে যোগ দিয়ে । আৰক্ষীয়ে কিছু সময়ৰ ভিতৰতে অঞ্চল খালি কৰি দিয়ে । এতিয়া সকলো ঠিক আছে ।’’

কেৱল দিল্লীয়ে নহয়, পশ্চিমবংগৰ পার্ক ছার্কাছ, উত্তৰ প্রদেশৰ ছাহৰানপুৰ, মোৰাদাবাদ, প্রয়াগৰাজতো বিক্ষোভৰ খবৰ শোনিবলৈ পোৱা যায় । নূপুৰ, নবীনৰ গ্রেপ্তাৰীৰ দাবীত বিক্ষোভৰ খবৰ আহিছে দেশৰ অন্য ঠাইৰ পৰাও ।

Exit mobile version