Youtuber : ‘নূপুৰ শর্মাৰ মুণ্ডচ্ছেদ’ৰ ভিডিঅ’ বনাই গ্রেপ্তাৰ কাশ্মীৰৰ ইউটিউবাৰ

faisal wani nupur sharma

বিজেপি মুখপাত্র নূপুৰ শর্মাকে লৈ বিতর্কিত ভিডিঅ’ বনাই প্রকাশ্যত ক্ষমা বিচৰাৰ কিছু ঘণ্টাৰ পাছতেই গ্রেপ্তাৰ হ’ল কাশ্মীৰৰ ইউটিউবাৰ ফয়জল ৱানি । শনিবাৰে তেওঁক গ্রেপ্তাৰ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ।

ADVERTISEMENT

ইউটিউবত নিজৰ চেনেল আছে ফয়জলৰ । গ্রাফিকৰ কামো কৰে তেওঁ । সম্প্রতি এটা গ্রাফিক ভিডিঅ’ তৈয়াৰ কৰে ফয়জলে । তাত নূপুৰৰ ‘মুণ্ডচ্ছেদ’ কৰা দৃশ্য গ্রাফিকত দেখুওৱা হৈছে । সামাজিক মাধ্যমত সেই ভিডিঅ’ বিয়পি পৰাৰ পাছতেই প্রবল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় কাশ্মীৰৰ ইউটিউবাৰজনে । অৱশেষত তেওঁৰ এই বিতর্কিত ভিডিঅ’ৰ বাবে তেওঁ প্রকাশ্যত ক্ষমা বিচাৰে ।

শনিবাৰে এটা ভিডিঅ’ প্রকাশ কৰি তেওঁ কয়, “ভিডিঅ’টো যে জুইৰ দৰে ভাইৰেল হৈ যাব ভবা নাছিলো । কোনো অসৎ উদ্দেশ্যৰে, কাৰোবাক আঘাত কৰিবৰ বাবে ভিডিঅ’টো বনোৱা নাই । এই ঘটনাত কোনোৱে আঘাত পালে ম‌ই ক্ষমাপ্রার্থী ।” ফয়জলে জনায়, ভিডিঅ’টো তেওঁ মছি পেলাইছে ।

ভিডিঅ’টো মছিও ৰক্ষা নপৰিল ফয়জল । গ্রেপ্তাৰ হ’ল জম্মু-কাশ্মীৰ আৰক্ষীৰ হাতত ।

Exit mobile version