বোকা নৃত্য ছালৰ বাবে ভাল : জুবিন

বকোৰ ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়াত বোকা নৃত্যক লৈ জুবিন গাৰ্গৰ মন্তব্য

WhatsApp Image 2022 06 13 at 12.44.22 PM

বকোৰ ছমৰীয়াত ১২ জুনৰ নিশা আয়োজিত ৰংমন সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে চৰ্চিত বোকা নৃত্যক লৈ মন্তব্য কৰে । বোকা নৃত্য ছালৰ বাবে ভাল বুলি মন্তব্য কৰি শান্তিপূৰ্ণভাৱে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনায় সমৰ্থকক ।

ADVERTISEMENT

ইফালে, অসমীয়া চিনেমা চাবলৈ পুনৰ আহ্বান জনায় শিপ্লীগৰাকীয়ে । ৰংমনৰ মঞ্চত জুবিন আৰু শতাব্দী বৰাৰ কণ্ঠৰ ‘এবাৰ যদি কোৱা’ নামৰ গীত এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ।

প্ৰতিকূল বতৰত সহস্ৰাধিক দৰ্শকৰ মাজত নিজেও বৰষুণ তিতি স্বভাৱ সুলভ গীত পৰিবেশন কৰে শিল্পীগৰাকীয়ে । অন্যফালে ৰংমনৰ মঞ্চত শেষৰ গানটোত প্ৰয়াত বলিউডৰ জনপ্ৰিয় শিল্পী কে কেক স্মৰণ কৰি আৱেগিক হৈ পৰে জুবিন । অনুষ্ঠানৰ মাজতে বকোত ফুটবল খেলিবলৈ আহিম বুলিও কয় শিল্পীগৰাকীয়ে ।

Exit mobile version