ধেমাজিৰ গেৰুকামুখ প্ৰকল্পত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰু কে সিং

সোমবাৰে নিশা প্ৰকল্পৰ থলী পৰিদৰ্শন, চলিত ডিচেম্বৰত কাৰ্যক্ৰম হ'ব ২০০০ মেগাৱট প্ৰকল্পৰ কাম

WhatsApp Image 2022 06 14 at 6.46.16 PM

ধেমাজিৰ গেৰুকামুখ প্ৰকল্পত কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ পৰিদৰ্শন । নিশাৰ ভাগত এন এইচ পি চিৰ ২০০০ মেগাৱাট সম্পন্ন গেৰুকামুখ প্ৰকল্পৰ থলীত এদল শীৰ্ষ বিষয়া লৈ সদলবলে পৰিভ্ৰমণ ৷ পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে নাৰিকল ভাঙি প্ৰথমটো ইউনিটৰ কাম আনুষ্ঠানিকভাৱে সমাপন কালি নিশা ।

পৰিদৰ্শন কালত সাংবাদিকৰ আগত শীঘ্ৰে কাৰ্যক্ৰম হ’ব নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বুলি জানিবলৈ দিয়ে । চলিত ডিচেম্বৰ-জানুৱাৰীৰ পৰাই বিদ্যুৎ উৎপাদন হ’ব বুলি কয় ৷ এই ক্ষেত্ৰত যুদ্ধকালীন গতিত কাম আগুৱাই নিছে এন এইচ পি চিয়ে ।

মনকৰিবলগীয়া যে অসমৰ ৰাইজক অংগুষ্ঠ প্ৰদৰ্শন কৰি শীঘ্ৰে মুকলি হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম । ইপিনে, পাৱাৰ হাউচ পৰিদৰ্শন কৰাৰ পাছত মন্ত্ৰী সিঙে কয় যে দেশৰ উন্নতিৰ হকে সোৱণশিৰিৰ দৰে হাইড্ৰ’ পাৱাৰ প্ৰকল্পৰ প্ৰয়োজন আছে ৷ সেউজ শক্তি উৎপাদন কৰিলেহে উন্নতি লাভ কৰিব পাৰিব বুলি কয় । একেদৰে প্ৰকল্পৰ পৰা বানপানী নিয়ন্ত্ৰণ হ’ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে ।

স্মৰ্তব্য যে, কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকী সোমবাৰে নিশা  এন এইচ পি চিত উপস্থিত হয় আৰু পোনে পোনে এক থলুৱাভাৱে উৎপাদিত বস্ত্ৰ প্ৰদৰ্শনীত  অংশ লয় ৷ ইয়াৰ পাছত নিশা প্ৰায় ন বজাত মূল প্ৰকল্পস্থলীত উপস্থিত হৈ প্ৰকল্পস্থলীৰ পাৱাৰ হাউচ পৰিদৰ্শন কৰে ৷ এন এইচ পি চিত নৈশ যাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ধেমাজিৰ কে’বাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

”আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ধেমাজি জিলাৰ হিতাধীকাৰীৰ স’তে মতবিনিময় কৰি ক্ৰমে পুৱা গোগামুখৰ মিংমাংত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ হিতাধিকাৰীৰ স’তে মত বিনিময় কৰে ৷ বৰদলনীৰ বুঢ়াকুৰিত কনেশ্বৰ চুতীয়াৰ বাসগৃহত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীৰ স’তে মত বিনিময় কৰে ৷ ধেমাজি গৰৈমাৰিৰ গাঁৱৰ “সৌভাগ্য আঁচনি”ৰ হিতাধিকাৰী ললিতা কছাৰীৰ গৃহত “সৌভাগ্য” হিতাধিকাৰীসকলৰ স’তে উপস্থিত হৈ মত বিনিময় কৰে । চেঙেলী পথাৰ গাওঁৰ  “জলজীৱন মিছন”ৰ হিতাধিকাৰী ৰঞ্জিত চেতিয়াৰ গৃহত হিতাধিকাৰীসকলৰ স’তে  মতবিনিময় কৰে আৰু চেঙেলীপথাৰ গাঁৰৰ খৰ্গ বৰুৱাৰ গৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।

একেদৰে নলনীপাম বজাৰত “প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা” আৰু “ স্বনিধি” হিতাধিকাৰীৰ স’তে মত বিনিময় কৰে ৷ নলনীপাম বজাৰৰ পৰা বাইচাইকেল ৰেলীৰে আহি কাছাৰী ময়দানৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে ধেমাজি বিজেপি কাৰ্যালয়ত ৰাইজক উদ্দেশ্যি সাংবাদমেল সম্বোধন কৰে ।

Exit mobile version