Air India : বৈধ টিকিট থকা সত্ত্বেও যাত্রীসকলক বিমানত উঠাত বাধা, এয়াৰ ইণ্ডিয়াক ১০ লাখ টকাৰ জৰিমনা

dab990d4 db5f 11ec 92a9 4be92144d693 1653397091835

বৈধ টিকিট থকাৰ পাছতো বিমানত যাত্রীসকলক উঠাত বাধা দিয়াৰ অভিযোগ উঠিল এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে । সেয়ে বিমান সংস্থাক ১০ লাখ টকা জৰিমনা বিহিলে বিমান নিয়ন্ত্রক সংস্থা ডিজিচিএ-য়ে । লগতে তেওঁলোকে এয়াৰ ইণ্ডিয়াক পৰামর্শ দিছে, আগন্তুক দিনত যেন এই সমস্যাৰ পুনৰাবৃত্তি নহয় । যদি পুনৰাবৃত্তি হয় তেনেহ’লে সংস্থাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব ।
বেংগালুৰু, হায়দৰাবাদ আৰু দিল্লীৰ পৰা এনেধৰণৰ কে’বাটাও অভিযোগ পাইছে ডিজিচিএ-য়ে । তাৰ পাছতেই এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে তেওঁলোকে । কেৱল এয়াৰ ইণ্ডিয়াই নহয়, আৰু কে’বাটাও বিমান সংস্থাৰ বিৰুদ্ধেও এই অভিযোগ উঠিছে ।

ডিজিচিএ-য়ে জনাইছে, এয়াৰ ইণ্ডিয়াই নিয়ম লংঘন কৰিছে । তেওঁলোকক শ্ব’কজ ন’টিচ প্ৰেৰণ কৰা হৈছে । যদিও এই বিষয়ত এয়াৰ ইণ্ডিয়াৰ কোনো প্রতিক্রিয়া পোৱা নাই ।

চলিত মাহৰ আৰম্ভণিতেই বিমান উঠা-নমাৰ ক্ষেত্রত নিয়ম লংঘন কৰাৰ অভিযোগ উঠিছিল ভিস্তাৰাৰ বিৰুদ্ধে । সেই সংস্থাকো ১০ লাখ টকা জৰিমনা কৰা হৈছিল । বিশেষভাৱে সক্ষম এজন যাত্রীক বিমানত উঠিবলৈ দিয়াত অস্বীকাৰ কৰাত ইণ্ডিগ’ এয়াৰলাইন্সকো পাঁচ লাখ টকা জৰিমনা বিহিছিল চৰকাৰে ।

Exit mobile version