India Coronavirus : তিন মাহ পাছত প্রথম ! দেশত দৈনিক কৰ’না আক্রান্ত ৮০০০ৰ অধিক

1591891981 375

বিগত কে’বাদিন ধৰি দেশত পুনৰ ঊর্ধ্বমুখী কৰ’না সংক্রমণৰ হাৰ । মঙলবাৰে এই সংখ্যা আৰু বৃদ্ধি পালে । দীর্ঘ তিনি মাহ পাছত দৈনিক কৰ’না আক্রান্তৰ সংখ্যাই আঠ হেজাৰ অতিক্ৰম কৰিলে ।

স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকে কৰ’না আক্রান্ত ৮,৮২২ জন । মুঠ আক্রান্তৰ সংখ্যা ৪,৩২,৪৫,৫১৭ ।

কেন্দ্রৰ তথ্য অনুযায়ী, যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত মৃত্যু হৈছে ১৫ জনৰ । দেশত মুঠ ক’ভিডত মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭৯২ ।

দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা সম্প্ৰতি ৫৩,৬৩৭ । কৰ’নাৰ পৰা সুস্থ হোৱাৰ হাৰ ৯৮.৬৭ শতাংশ । বিগত ২৪ ঘণ্টাত কৰ’নামুক্ত হৈছে ৫,৭১৮ জন ।

Exit mobile version