বানৰ কৱলত বাসুগাঁও থানা আৰু ৰৌমাৰী আৰক্ষী চকী

চিৰাঙত ধৰাষাৰ বৰষুণৰ ফলত চাৰিওদিশে পানী আৰু পানী । বানপানীৰ কৱলত জিলাখনৰ দুটাকৈ থানা চৌহদ ক্ৰমে বাসুগাঁও থানা আৰু ৰৌমাৰী আৰক্ষী চকী ।

থানাৰ ভিতৰচ’ৰাত পানী, বাহিৰতো পানী । বাহিৰৰ পৰা আনিবলগীয়া হৈছে খোৱা পানী । ৰন্ধনিশালত পানী । মুঠতে পানীৰ মাজতে কৰ্তব্য সম্পাদন আৰক্ষীৰ ।

জিলাখনৰ প্ৰায় সকলোতে পানী আৰু পানী । কে’বাদিনৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Exit mobile version