Agnipath : ৰেল ভঙা, অগ্নিসংযোগ ! নিয়ন্ত্ৰণ কৰিবলৈ লাঠি, কন্দোৱা গেছ, অগ্নিপথক লৈ অগ্নিগর্ভ বিহাৰ

bihar protest

‘বীৰতা চে যুধ্ পৰ’ । অর্থাৎ, ‘বীৰত্বৰ স’তে যুদ্ধ’ত । ব্রিটিছ শাসনকালত গঠিত বিহাৰ ৰেজিমেন্টৰ এই আদর্শকেই পণ কৰি যেন নৰেন্দ্র মোদী চৰকাৰৰ বিৰুদ্ধে ‘মৰণপণ যুদ্ধ’ত অৱতীর্ণ হৈছে বিহাৰৰ যুৱকসকল । অগ্নিপথ প্রকল্পত চুক্তিভিত্তিক সেনা নিয়োগৰ প্রতিবাদত সেই ৰাজ্যৰ নানা প্রান্তত আৰম্ভ হৈছে প্রৱল বিক্ষোভ । ক্রমশ যি হিংসাত্মক হৈ উঠাত আইনশৃংখলা পৰিস্থিতিৰ গুৰুতৰ অধনতি হোৱাৰ শংকা দেখা দিছে ।

অগ্নিপথ প্রকল্পৰ বিৰোধিতা কৰি বুধবাৰে বিহাৰৰ গয়া, পটনা, মুজফফ্‌ৰপুৰসহ নানা স্থানত চাকৰিপ্রার্থীসকলে ৰেললাইন অৱৰোধ কৰে । বৃহস্পতিবাৰে বক্সাৰ, নৱাদা, ছপৰা, বেগুচৰাই, আৰা, মুংগেৰ, জেহানাবাদৰ দৰে অঞ্চলত বিক্ষোভ আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে শ্লোগান উঠিছে । ৰেলৰ লগতে অৱৰোধ কৰা হৈছে ৰাষ্ট্ৰীয় পথ । টায়াৰ জ্বলোৱা, শিল দলিওৱা, গাড়ী আৰু ট্রেইন ভঙাৰ দৰে ঘটনাও ঘটিছে ।

ট্রেইনলাইনৰ ওপৰত জুই জ্বলোৱা হৈছে । আনকি, ছপৰাত ট্রেইনতো জুই লগোৱা হৈছে । নীতীশ কুমাৰ চৰকাৰৰ আৰক্ষীয়ে বাধা দিয়াত সংঘর্ষ হয় । লাঠি আৰু কন্দোৱা গেছত কিছুসংখ্যক বিক্ষোভকাৰী আহতও হৈছে আৰা আৰু জেহানাবাদত ।

মঙলবাৰে অগ্নিপথ প্রকল্পৰ ঘোষণা কৰে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । এই প্রকল্পত চাৰে ১৭-২১ বছৰৰ যুৱক-যুৱতীসকলে চাৰি বছৰৰ বাবে মাহিলী ৩০-৪৫ হেজাৰ টকাৰ চুক্তিৰ ভিত্তিত সশস্ত্র বাহিনীৰ তিনি শাখাত (স্থল, নৌ আৰু বায়ুসেনা) যোগ দিব পাৰিব । তেওঁলোকক কোৱা হ’ব ‘অগ্নিবীৰ’ । সেনাত শূন্যপদ আৰু যোগ্যতাৰ ভিত্তিত চতুর্থ বছৰৰ শেষত সেই বেচৰ সর্বাধিক ২৫ শতাংশ অগ্নিবীৰক সেনাত অন্তর্ভুক্ত কৰা হ’ব । বাকীসকলক ১১-১২ লাখ টকা দিয়া হ’ব অৱসৰত । পেনছনৰ ব্যৱস্থা নাথাকিব ।

এনে পৰিস্থিতিত যিসমূহ ৰাজ্যৰ যুৱকৰ সেনাত যোগদানৰ হাৰ অধিক, তাত আন্দোলন আৰু বাঢ়িব পাৰে বুলি অনুমান কৰা হৈছে । সেই তালিকাত ওপৰৰ শাৰীত নাম আছে বিহাৰৰ । দানাপুৰৰ বিহাৰ ৰেজিমেন্ট ১৯৪১ৰ পৰা অবিভক্ত বিহাৰৰ প্রত্যন্ত জিলাসমূহৰ প্রান্তিক পৰিয়ালৰ যুৱকসকলৰ চাকৰিৰ অন্যতম ভৰসা ।

অবিভক্ত বিহাৰৰ ৰামগড়তেই (বর্তমান ঝাড়খণ্ডত) আছে ১৮৪৬ত গঠিত শিখ ৰেজিমেন্টৰ সদৰ দপ্তৰ । চুবুৰীয়া ৰাজ্য মধ্যপ্রদেশৰ জবলপুৰত আছে ১৭৭৮ত ইষ্ট ইণ্ডিয়া কোম্পানিৰ কালত গঠিত ‘দ্য গ্রেনেডিয়াৰ্চ’-ৰ সদর দপ্তৰ । প্রায় আঢ়ৈশ বছৰৰ পুৰণি এই ৰেজিমেন্টৰ সেনাৰ বৃহৎ অংশ বিহাৰৰ বাসিন্দা ।

এনে পৰিস্থিতিত কর্মসংকোচনৰ শংকা ক্রমশ আৰম্ভ হৈছে মগধভূমত । লগতে বৃদ্ধি পাইছে বিক্ষোভ । অভিযোগ, দেশৰ যুৱকসকলৰ চাকৰিৰ ভৰসা হ’ল ভাৰতীয় সেনা । চাকৰিত স্থায়িত্বৰ বাবে দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ যুৱকসকলে সেনাৰ চাকৰিকে বাছি লয় । কিন্তু অগ্নিপথ প্রকল্পত নিয়োজিত চুক্তিভিত্তিক ‘অগ্নিবীৰ’সকলৰ ৭৫ শতাং‌শই চাকৰি পোৱাৰ চাৰি বছৰৰ পাছত অৱসৰ গ্ৰহণ কৰিব লাগিব । এককালীন কিছু টকা লাভ কৰিলেও নাথাকিব পেনছনৰ ব্যৱস্থা । সেই ক্ষেত্রত তেওঁলোকে পুনৰ নতুনকৈ চাকৰিৰ সন্ধান চলাব লাগিব । অনিশ্চিত হৈ পৰিব ভৱিষ্যৎ ।

অভিযোগ, শোচনীয় ৰাজকোষৰ বাবেই চুক্তিভিত্তিক সেনা নিয়োগৰ পথ অৱলম্বন কৰিছে মোদী চৰকাৰে । কেন্দ্রৰ এই পদক্ষেপৰ ফলত সেনাত স্থায়ী আৰু অস্থায়ী কর্মীসকলৰ মাজত সমন্বয়ৰ অভাৱে দেখা দিব বুলিও প্রাক্তন সেনা বিষয়াসকলৰ একাংশৰ ধাৰণা ।

ইয়াৰ উপৰি চাৰি বছৰৰ কাৰ্যকালৰ শেষত অৱসৰ লোৱাৰ চুক্তিত নিয়োজিত ‘অগ্নিবীৰ’সকলে কিয় সীমান্ত সুৰক্ষা বা সন্ত্ৰাসবাদী দমন অভিযানৰ সময়ত জানি-বুজি সংকটৰ সন্মুখীন হ’ব বুলিও প্রশ্ন উত্থাপন কৰিছে তেওঁলোকে । তেওঁলোকৰ শংকা, ইয়াৰ ফলত সামগ্রিকভাৱে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ।

Exit mobile version