Cow Dung : নূপুৰ-বিতর্কৰ মাজতেই ভাৰতৰ পৰা কুৱেইট যাব ১৯২ হেজাৰ কেজি গোবৰ

D8950D35 463C 4EA1 945D EA195C7D99DC 62a82c483abaa

প্রাক্তন বিজেপি মুখপাত্র নূপুৰ শর্মাৰ বিতর্কিত মন্তব্যৰ ফলত সম্প্রতি ছৌদি আৰৱ, কাতাৰ, কুৱেইটসহ আৰৱৰ বাকী দেশসমূহৰ প্রৱল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতে । অৱশ্যে এই বিতর্কিত পৰিস্থিতিতেই ভাৰতৰ পৰা কুৱেইটত ৰপ্তানি কৰা হৈছে ১৯২ হেজাৰ কেজি গোবৰ । কুৱেইটত জৈৱ কৃষিৰ বাবে এই গোবৰ প্ৰেৰণ কৰা হৈছে বুলি সূত্রৰ খবৰ । ১৫ জুন বুধবাৰে কনাকাপুৰা ৰেলৱে ষ্টেচনৰ পৰা গোবৰৰ প্রথম আবণ্টন কুৱেইট উদ্দেশ্যি ৰাওনা হৈছে । শুল্ক দপ্তৰৰ তত্ত্বাৱধানত গোবৰ পেকেটজাত কৰাৰ কাম চলিছে বুলিও জানিব পৰা গৈছে ।

জয়পুৰৰ এটা গৌশালাৰ পৰা এই গোবৰ প্ৰেৰণ কৰা হৈছে । কুৱেইটৰ এটা বেচৰকাৰী সংস্থাত এই গোবৰ ৰপ্তানি কৰা হৈছে । এই বিষয়ত দুই দেশৰ মাজত ইতিমধ্যে চুক্তি হৈছে বুলিও সূত্রৰ খবৰ ।

ভাৰতৰ জৈৱ কৃষিক প্রযোজক সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি অতুল গুপ্ত‌ই বিষয়টো নিশ্চিত কৰি জনাইছে, জয়পুৰ-ভিত্তিক এটা সংস্থাই এই বিপুল পৰিমাণৰ গোবৰ ৰপ্তানি কৰাৰ আবণ্টন পাইছে । জয়পুৰৰ এই সংস্থাৰ পৰিচালক প্রশান্ত চতুর্বেদীয়ে জনাইছে, সম্ভৱত এয়ে প্রথম ভাৰতৰ পৰা দেশী গৰুৰ গোবৰ কুৱেইটৰ দৰে কোনো দেশত প্ৰেৰণ কৰা হৈছে ।

দেশ জুৰি গোবৰক লৈ বহু গৱেষণা চলিছে । শস্যৰ উৎপাদন বৃদ্ধিৰ লগতে গোবৰ ব্যৱহাৰ কৰি উৎপন্ন শস্য খালে বিভিন্ন ৰোগৰ পৰা মুক্তি পোৱা যায় বুলিও একাধিক গৱেষণাত দাবী কৰা হৈছে ।

কুৱেইটতো গোবৰ ব্যৱহাৰ কৰি জৈৱ কৃষি কৰাৰ ক্ষেত্ৰত বহু দিনৰ পৰাই গৱেষণা চলিছিল । কুৱেইটত কৃষিকাৰ্যৰ ক্ষেত্রত প্রধান পৰিপন্থী শুষ্ক জলবায়ু আৰু পর্যাপ্ত পানীৰ অভাৱ । সেয়ে গোবৰ সাৰ ব্যৱহাৰ কৰি জৈৱ কৃষি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে কুৱেইটে ।

Exit mobile version